কঠোৰ অভিবাসন আইন প্ৰণয়নৰ পথেৰে আগুৱাইছে আমেৰিকা৷ সেই দেশত এতিয়া ১২ দেশৰ নাগৰিকৰ প্ৰৱেশধিকাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে ড’নাল্ড ট্ৰাম্পে৷ আমেৰিকাত সোমোৱাৰ ক্ষেত্ৰত আংশিক নিষেধাজ্ঞা জাৰি কৰা হৈছে অইন ৭খন দেশৰ নাগৰিকৰ ওপৰত৷
এই সিদ্ধান্তৰ নেপথ্যত কি কাৰণ, সেয়া স্পষ্টৰূপে জনোৱা নাই ৱাছিংটনে৷ হোৱাইট হাউছৰ তৰফৰ পৰা জাতীয় নিৰাপত্তাৰ শংকাক লৈ এই সিদ্ধান্ত বুলি জনোৱা হৈছে৷ বুধবাৰে ট্ৰাম্পে সামাজিকমাধ্যমত লিখিছে, ‘এনেকৈ যি তি কোনো দেশৰ পৰা কোনো নাগৰিকক আমাৰ দেশত সোমাবলৈ দিব নোৱাৰিম কাৰণ এয়া আমা নিৰাপত্তা বিঘ্নিত কৰে৷ সেয়ে আমি নতুন নিৰ্দেশনা জাৰি কৰিছো৷’ এই সিদ্ধান্তৰ বিষয়ে বাখ্যা দিবলৈ গৈ কালোৰাডৰ সাম্প্ৰতিক আক্ৰমণৰ ঘটনাৰ কথা উল্লেখ কৰিছে ট্ৰাম্পে৷
উল্লেখ্য যে দেওবাৰে এই ঘটনাত কালোৰাডৰ এখন শ্বপিং মলৰ বাহিৰত জমায়েতক লক্ষ্য কৰি ফায়াৰ বম্ব এৰিছিল মিছৰৰ এগৰাকী নাগৰিকে৷ শ্লোগানো দিছিল পেলেষ্টাইনক মুক্ত কৰক৷ ট্ৰাম্পৰ এই মন্তব্যৰ পাছতেই আগন্তুক ৯ জুনৰ পৰা আমেৰিকাত সোমাব নোৱাৰিব আফগানিস্তান, ম্যানমাৰ, ৰিপাব্লিক অফ কংগো, চাদ, ইকিউটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰান, লিবিয়া, চোমালিয়া, চুডান আৰু য়েমেনৰ বাসিন্দা৷ প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰত আংশিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুৰুণ্ডি, কিউবা, লাউছ, চিয়েৰা লিওন, টোগো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ নাগৰিকৰ ওপৰত৷
হোৱাইট হাউছ সূত্ৰৰ খবৰ অনুসৰি নিষেধাজ্ঞাৰ কবলত পৰা বেছিসংখ্যক দেশেই সন্ত্ৰাসবাদী কাৰ্যকলাপক সহায় কৰি আহিছে৷ এইক্ষেত্ৰত তালিবান শাসিত আফগানিস্তান, ইৰান আৰু কিউবাৰো উদাহৰণ টানিছে ৱাছিংটনে৷ চাদ আৰু ইৰিত্ৰিয়াৰ দৰে দেশসমূহে নাগৰিকসকলৰ বিৰুদ্ধে অভিযোগ আনিছে যে তেওঁলোকে ভিছাৰ ম্যাদ শেষ হোৱাৰ পাছতো আমেৰিকাত থাকি যাবলৈ চেষ্টা কৰি আহিছে৷ ট্ৰাম্পে জনাইছে, ইছলামিক সন্ত্ৰাসবাদীসকলক আমেৰিকাত প্ৰৱেশ ৰোধ কৰিবলৈ এই পদক্ষেপ ট্ৰাম্পৰ৷ ট্ৰাম্পৰ ঘোষণাৰ পাছতেই হোৱাইট হাউছৰ অন্যতম মুখপাত্ৰ এবিগেল জেকছনে কয়, ‘বিষাক্ত বিদেশীসকলৰ হাতৰ পৰা আমেৰিকাৰ নাগৰিকক ৰক্ষা কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰেছিডেণ্ট ট্ৰাম্পে দিছিল সেই প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিব খুজিছে৷ এইসকল অনুপ্ৰৱেশকাৰীয়ে আমাৰ দেশলৈ আহি আমাৰেই ক্ষতি কৰাৰ চেষ্টা কৰি আহিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















