৫৭ বছৰ বয়সত আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান৷ প্ৰকাশ্যে সেই কথা স্বীকাৰ নকৰিলেও এই প্ৰশ্ন শুনিয়েই লাজতে ৰঙা পৰিছে আৰবাজ৷ আৰবাজৰ ৰঙা হৈ পৰা মুখ দেখিয়েই বহুতেই কৈছে এই খবৰ মিছা নহয়৷ বিগত কেইবামাহ ধৰি এই চৰ্চা চলি আছে যে আৰবাজ আকৌ পিতৃ হবলৈ ওলাইছে৷ শেহতীয়াকৈ বুধবাৰে কেমেৰাৰ সন্মুখত ধৰা দিছে সুৰা খানে৷ তাতেই সুৰাক দেখা গৈছে পূৰ্বতকৈ পৃথক ৰূপত৷ লাহী সুৰা এতিয়া শকত এগৰাকী মহিলা৷ বুধবাৰে নিশা ৰেষ্টুৰেণ্টত খাদ্যগ্ৰহণ কৰি ওলাই অহাৰ সময়তে কেমেৰাত বন্দী হৈছে সুৰা৷ কাষে কাষে আছিল আৰবাজো৷ আৰবাজৰ হাঁহিয়েই যেন সেইদিনা সকলো প্ৰশ্নৰ উত্তৰ দিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















