বৃহস্পতিবাৰ ৫ জুনত চন্দ্ৰই দিনে নিশাই কন্যা ৰাশিত গমন কৰিব৷ আজি বৃহস্পতিবাৰ হোৱাৰ বাবে দিনজুৰি বৃহস্পতিৰ প্ৰভাৱ থাকিব৷ বৃহস্পতিয়ে চন্দ্ৰৰ দশম ঘৰত অৱস্থান কৰিব যিয়ে অমল যোগৰ এক সুন্দৰ সংমিশ্ৰণ তৈয়াৰ কৰিব৷ ইয়াৰ সৈতে আজি গজকেশৰী যোগৰ এক চমৎকাৰ সংমিশ্ৰণো তৈয়াৰ হৈছে৷ ইয়াৰ ওপৰত আজি হস্ত নক্ষত্ৰৰ সংমিশ্ৰনত সৰ্বাৰ্থ সিদ্ধি যোগ তৈয়াৰ হব, যিয়ে আজিৰ গুৰুত্ব আৰু বঢ়াই দিব৷ বৈদিক পঞ্চাঙ্গ অনুসৰি আজি জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথি৷ আজি ভগবান বিষ্ণুৰ উদ্দেশ্যে দিনটো উৎসৰ্গা কৰা হয়৷ আজি বৃহস্পতিবাৰে অমল যোগ আৰু শ্ৰী হৰি বিষ্ণুৰ কৃপাত ধনুসহ ৫ ৰাশিৰ জাতকৰ বাবে ভাগ্যৰ দ্বাৰ খুলিব৷ আজি এই ৰাশিৰ জাতকে তেওঁলোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ত পূৰ্ণ সুবিধা পাব৷ ইয়াৰোপৰি কামত অহা বাধাসমূহ দূৰ হব৷ এই পৰিস্থিতিত ৫ জুন বৃহস্পতিবাৰে কোনো কোন ৫ৰাশিৰ ভাগ্য উদয় হব?
বৃষ ৰাশি
বৃহস্পতিবাৰ বৃষ ৰাশিৰ জাতকৰ বাবে ভাগ্যবান দিন হব৷ আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ পৰা উপকৃত হব ইয়াৰ সৈতে আপুনি প্ৰশংসাও পাব৷ ব্যৱসায়ত আপোনাৰ চিন্তাভাৱনাই আপোনাক আপোনাৰ প্ৰতিযোগীসকলৰ পৰা দুই ধাপ আগুৱাই ৰাখিব৷ আজিৰ সকলোতকৈ ভাল দিশ হৈছে আপোনাৰ পূৰ্বৰ প্ৰচেষ্টাই আজি ফল দিব৷ কেৱল আপুনি কামতেই সফল হব তেনে নহয়৷ অতীতত কৰা বিনিয়োগেও আপোনাক লাভ দিব৷ আজি গৱেষণা, শিক্ষা, চিকিৎসা ইত্যাদিৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ সুবিধা পাব পাৰে৷ ইয়াৰোপৰি আজি সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত থকা বাধাও দূৰ হব৷ সন্তানৰ অৰ্জনে আপোনাক গৰ্বিত কৰিব৷ বিবাহিত জীৱনত সুখী হব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাই পৰিয়ালৰ পৰা ব্যৱসায়িক সহযোগিতা লাভ কৰিব৷ আজি আপোনাৰ কাম ভালধৰণেই আগবাঢ়িব৷ কৰোবাত ধন পাবলগীয়া থাকিলে সেই ধন লাভ কৰিব৷ যদি আপুনি কোনো যানবাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি আপোনাৰ বাবে দিনটো শুভ৷ আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহায়ত লাভ অৰ্জনৰ সুযোগ পাব পাৰে৷ ইয়াৰ ফলত আজি আপুনি আত্মীয়স্বজনৰ পৰা যথাসম্ভৱ সহায়তা পাব৷ মানসিকভাৱে আপুনি আজি সুস্থ বোধ কৰিব৷ আপুনি গৃহস্থালিৰ কামতো স্বাচ্ছন্দ্য বোধ কৰিব৷ আপোনাৰ মাতৃ আৰু পত্নীৰ পৰাও সাহায্য লাভ কৰিব৷ বিবাহিত জীৱন সুখৰ হব৷
মীন ৰাশি
বৃহস্পতিবাৰে মীন ৰাশিৰ জাতক বেছি লাভৱান হব৷ আজি অকলে যুঁজ কৰাৰ পৰিবৰ্তে অংশীদাৰিত্বৰ কামৰ কৰক লাভ হব৷ সংগীৰ সমৰ্থন পাব৷ আপুনি যদি কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাৱিছে সেই সম্পৰ্কে ঘৰৰ লোকৰ সৈতে আলোচনা কৰক৷ বিবাহিত জীৱন শুভ৷ আপোনাৰ ঘৰলৈ কোনো সু সংবাদ আহিব পাৰে৷ আপুনি যদি প্ৰেমৰ সম্পৰ্কত থাকে তেন্তে আজিয়েই আপোনাৰ সম্পৰ্কক আগুৱাই নিয়াত পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷
ধনু ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ বৃহস্পতিবাৰে কঠোৰ পৰিশ্ৰম কৰা আৰু তাৎক্ষণিক ফলাফল পোৱাৰ দিন৷ ইয়াৰ অৰ্থ হৈছে আজি আপুনি সকলো কামতেই সফল হব৷ আপুনি যি পেছাতেই কাম নকৰক কিয় আপুনি নিজৰ পথ তৈয়াৰ কৰিব৷ বিশেষকৈ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে যুক্ত ব্যক্তিয়ে আজি অতিৰিক্ত সুবিধা পাব পাৰে৷ আপুনি যদি চৰকাৰী টেণ্ডাৰ পোৱাৰ চেষ্টা কৰি থাকে তেঁওলোকে আজি আশাৰ কিৰণ দেখিব৷ আজি আপোনাৰ সামাজিক মৰ্যাদাও শক্তিশালী হব৷ ই আপোনাৰ সন্মানো বৃদ্ধি কৰিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আজি বৃহস্পতিবাৰ লাভৰ দিন৷ আজি আপোনাৰ আয় প্ৰত্যাশাতকৈ বেছি হব৷ আজি আপুনি ব্যৱসায়ত কাংক্ষিত লাভ কৰিব পাৰে৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সমৰ্থন পাব৷ আপুনি এক নতুন স্থানলৈ যাব পাৰে আৰু কোনো চুক্তি চূড়ান্ত কৰিব পাৰে৷ আপোনাৰ সাফল্যই সমাজত আপোনাক সন্মানিত কৰিব৷ কৰ্মজীৱনত উন্নতি কৰিব পাৰিব৷ ভগবান বিষ্ণুৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ