গল্ডলোনৰ নিয়মত এইবাৰ কেইবাটাও সালসলনি কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ ইয়াত ঋণৰ মূল্য বা এল টি ভিৰ অনুপাত ৭৫শতাংশৰ পৰা বঢ়াই ৮৫শতাংশ কৰিছে কেন্দ্ৰীয় ৰিজাৰ্ভ বেংক৷ ইয়াৰ সৈতে যুক্ত হ’ব সুদো৷ নতুন নিয়মত আঢ়ৈ লাখ টকা পৰ্যন্ত স্বৰ্ণঋণত এই সুবিধা পাব আবেদনকাৰীয়ে৷
শুকুৰবাৰে অৰ্থাৎ ৬ জুনত তিনিদিনৰ মুদ্ৰানীতি কমিটিৰ বৈঠকৰ শেষত এই কথা ঘোষণা কৰিছে আৰ বি আইৰ গভৰ্নৰ সঞ্জয় মলহোত্ৰাই৷ নতুন নিয়মত এক লাখ টকা মূল্যৰ সোনত ৮৫ হাজাৰ টকা পৰ্যন্ত ঋণ পাব গ্ৰাহকে৷ পূৰ্বে এই অংক আছিল ৭৫ হাজাৰ টকা৷ ৰিজাৰ্ভ বেংকে জনাইছে যে ইয়াৰ ফলত উপকৃত হব ক্ষুদ্ৰ স্বৰ্ণঋণৰ আবেদনকাৰীসকল৷ ক্ষুদ্ৰ ব্যৱসায়ীসকল ইয়াৰ পৰা লাভাম্বিত হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















