বিশ্বজুৰি চাঞ্চল্য, নিৰ্বাচনী প্ৰচাৰৰ সময়তে কলম্বিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীক আক্ৰমণ, সংকটজনক অৱস্থা
নিৰ্বাচনী প্ৰচাৰৰ সময়ত কলম্বিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিগেল উৰিবেক আক্ৰমণ। যি ঘটনাই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰপতি প্ৰাৰ্থী মিগেলক নিৰ্বাচনী প্ৰচাৰৰ সময়তে কোনো লোকে তিনিজাই গুলি কৰে । ঘটনাৰ পিছতে ততাতৈয়াকৈ মিগেলক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু মিগেলৰ অৱস্থা বৰ্তমানে সংকটজনক। আই চি ইউত আছে মিগেল উৰিব।
দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত শীঘ্ৰেই ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হব। এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰে জয়ৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে মিগেল উৰিবক। মিগেল বিৰোধী দল চেণ্ট্ৰ’ ডেম’ক্ৰেটিকো কনজাৰ্ভেটিভ পাৰ্টিৰ সদস্য।
ইতিমধ্যে এই গোচৰৰ অভিযুক্ত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে মিগেল উৰিবে কলম্বিয়াৰ এজন সুপৰিচিত নেতা। তেওঁ কলম্বিয়াৰ এক বিশিষ্ট ৰাজনৈতিক পৰিয়ালৰ সদস্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















