৬.১ ৰিখটাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্পই কঁপাই যায় পেৰু, বহু ক্ষতি, এতিয়ালৈ ১জন নিহতৰ খবৰ
এক বৃহৎ ভূমিকম্পৰ ফলত পুনৰ কঁপিছে পেৰু। প্ৰশান্ত মহাসাগৰৰ উপকূলত দক্ষিণ আমেৰিকাৰ দেশ পেৰুত প্ৰবল ভূমিকম্পৰ ফলত মানুহৰ মাজত আতংকৰ সৃষ্টি হয়।
ঘৰৰ পৰা ওলাই আহে লোকসকল। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.১ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ প্ৰভাৱ আটাইতকৈ বেছি অনুভৱ কৰা হৈছিল লিমা চহৰত।
পশ্চিম দিশত কালাওৰ পৰা ২৩ কিলোমিটাৰ (১৪ মাইল) দক্ষিণ-পশ্চিমে থকা ৰাজধানী লিমাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে (GFZ) এই ভূমিকম্পৰ কথা নিশ্চিত কৰি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫জন লোক গুৰুতৰভাৱে আহত হৈছে৷ পথ আৰু বহু অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে।
চৰকাৰে সতৰ্কতা জাৰি কৰি উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। নিহত লোকজনে কাম কৰি থকা স্থানতে হঠাতে ভূমিকম্পৰ ফলত নিৰ্মাণৰত এটা অট্টালিকা ভাঙি ধ্বংসাৱশেষ তেওঁৰ ওপৰত পৰি যায়। যাৰ ফলত মূৰত আঘাত পোৱাত লোকজনৰ থিতাতে মৃত্যু হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















