আজি শনিবাৰ গ্ৰহৰাজ শনিৰ দিন৷ জ্যোতিষমতে গ্ৰহৰাজ কৰ্মফলৰ দেৱতা৷ ইয়াৰোপৰি আজি আছে যোগিনী একাদশী৷ এই দিনটোত পুণ্য অৰ্জনৰ বাবে বহুতেই নানান ব্ৰত পালন কৰে৷ আজিৰ দিনটো জ্যোতিষশাস্ত্ৰমতে মিথুন, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ বাবে কিছু প্ৰতিকূল হব পাৰে৷ গ্ৰহগত অৱস্থান, চন্দ্ৰৰ গতি আৰু শনিৰ প্ৰভাৱ সকলো মিলি এই তিনি ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কিছু কাম এৰাই চলাটো ভাল৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ আজি কামত আত্মবিশ্বাস কমি যোৱা দেখা যাব৷ সিদ্ধান্তগ্ৰহণত দ্বিধাই কাম কৰিব৷ প্ৰণয় সম্পৰ্কত ভুল বুজাবুজি হব পাৰে৷
কি কি কাম এৰাই চলিব?
- বিনিয়োগঃ আজিৰ দিনটোত ষ্টক মাৰ্কেট, ক্ৰিপ্ট বা মাটিত ধন বিনিয়োগ কৰিলে ক্ষতিৰ সম্ভাৱনা আছে৷
- গোপন আলোচনাঃ অফিচ বা পাৰিবাৰিক কোনো গোপন কথা অন্যৰ আগত নোকোৱাই ভাল৷ বিশ্বাসভংগ হব পাৰে৷
- অতিৰিক্ত কথাবাৰ্তাঃ অহেতুক তৰ্কত সোমাই নপৰিব৷ ৰাস্তাই ঘাটে ঘূৰি ফুৰোতে সাৱধানে চলাফিৰা কৰক৷
কৰ্কট ৰাশি
মানসিক চাপ বাঢ়িব৷ পাৰিবাৰিক সমস্যাত সোমাই পৰিব পাৰে৷
কি কি কাম এৰাই চলিব?
- সম্পৰ্কক লৈ সিদ্ধান্তঃ প্ৰেম বা দাম্পত্যত কাজিয়াৰ সম্ভাৱনা৷ কিন্তু সেই কাজিয়াৰ বাবে বিচ্ছেদৰ সিদ্ধান্ত আজি লৈ নেপেলাব৷
- অতিৰিক্ত দান-ধ্যানঃ নিজৰ প্ৰয়োজন পাহৰি আৱেগতে অতিৰিক্ত দান দক্ষিণা নকৰিব৷ আৰ্থিক ক্ষতি হব পাৰে৷
- ভ্ৰমণৰ পৰিকল্পনাঃ দূৰযাত্ৰাত কিছু সমস্যা আহিব পাৰে৷
বৃশ্চিক ৰাশি
মানুহৰ ওপৰত সন্দেহ হব পাৰে৷ তাৰপৰাই মনোমালিন্য তৈয়াৰ হব পাৰে৷ গোপন শত্ৰুৰ প্ৰভাৱত আৰ্থিক সমস্যাত সোমাই পৰিব পাৰে৷
কি কি কাম এৰাই চলিব?
- বিশ্বাস কৰি কাৰোবাক দায়িত্ব দিয়াঃ আজি অন্যাৰ হাতত গুৰুত্বপূৰ্ণ কাম তুলি দিলে বিপজ্জনক হব পাৰে৷
- টকা ধাৰে দিয়াঃ আজিৰ দিনটোত কাকোৱেই ধাৰলৈ ধন নিদিব, দিলে ঘূৰাই পোৱাৰ আশা ক্ষীণ৷
- আইনী কাগজপত্ৰত ছহীঃ যিকোনো চুক্তি বা লিগেল ফৰ্মত ছহী কৰাৰ পূৰ্বে ভালকৈ পৰীক্ষা কৰক৷ প্ৰতাৰণাৰ সম্ভাৱনা প্ৰৱল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















