৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা
আজিৰ দিনত বছৰে সৌভাগ্যক্ৰমে এখন বা দুখন হে ছবি হিট হয়গৈ। বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলে এখন হিট চিনেমাৰ বাবে হাহাকাৰ কৰে, কিন্তু এটা সময় আছিল যেতিয়া বলীউডত এজন অভিনেতাপ চিনেমা এখন দুখন নহয়, একেলগে ১৭ খনকৈ ছবি ছুপাৰহিট হৈছিল। তাকো মাথো ৩ বছৰৰ ভিতৰতে।
যি এক ৰেকৰ্ড তথা অভিলেখৰ দৰে। আজিলৈকে সেই অভিনেতাৰ অভিলেখ কোনেও ভংগ কৰিব পৰা নাই। অক্ষত অৱস্থাত আছে ৩ বছৰত একেলগে ১৭ খন ছবি ছুপাৰহিট হোৱা।
কেৱল এয়াই নহয়, অভিনেতা জিতেন্দ্ৰকো তেখেতৰ প্ৰথমখন ছবিৰ অডিচনৰ বাবে টিউচনো দিছিল সেই ছুপাৰষ্টাৰগৰাকীয়ে। কিন্তু পাছলৈ সকলো ক্ষেত্ৰতে অন্ত থকাৰ দৰে অভিনয়ৰো অন্ত পৰিছিল সেই ছুপাৰষ্টাৰগৰাকীৰ। শেষলৈ ৰাজনীতিৰ ফালে মুখ কৰিছিল।
বলীউডৰ সেই ছুপাৰষ্টাৰগৰাকী হৈছে, ৰাজেশ খান্না। যাক ভাৰতৰ প্ৰথমগৰাকী ছুপাৰষ্টাৰ আখ্যা দিয়া হৈছিল। তেখতৰেই একেলগে ১৭ ছবিৰ ছুপাৰহিট হোৱা অভিলেখ আজি পৰ্যন্ত অক্ষত।
১৯৬৬ চনত ‘আখৰী খট’ৰ জড়িয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজেশ খান্নাই। কিন্তু তেখেতৰ কেৰিয়াৰৰ শিখৰ আছিল ১৯৭০ চনৰ পৰা ৭৩ চনৰ ভিতৰত। যি সময়ত ৰাজেশ খান্নাই ১৭খন বেক টু বেক ছুপাৰহিট দিছিল।
১৯৭০ আৰু ৭১ চনলৈ বক্স অফিচত আধিপত্য বিস্তাৰ কৰি দ্য ট্ৰেইন, সচ্চা ঝুঠা, চফৰ, আন মিলো সাজনা, কটি পাটাং, মেহবুব কি মেহন্দি, আনন্দ, আন্দাজ, মৰ্যাদা, হাতী মেৰে সাথী, ছোটি বহু আৰু খামোশী আদি উল্লেখযোগ্য।
ইয়াৰ পিছত ১৯৭২ চনত তেওঁৰ ১০ খন ছবি হিট হয়, য’ত শ্বেহজাদা, মেৰে জীৱন সাথী, বাৱৰচি, আপনা দেশ, অমৰ প্ৰেম, জোৰু কা গুলাম, বাংগাৰু বাবু, অনুৰাগ আদি। এইদৰে তেওঁ একেলগে ১৭খন হিট ছবি দি অভিলেখ গঢ়িছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















