জ্যোতিষশাস্ত্ৰত যিকোনো গ্ৰহৰ স্থান পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াব গ্ৰহৰ ঘৰ সলনিত বিশেষ যোগ তৈয়াৰ হয়, যিয়ে বিভিন্ন ৰাশিৰ ওপৰত শুভ অশুভ প্ৰভাৱ পেলায়৷ গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তনত ১২ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সালসলনি আহে৷ শনিৰ নক্ষত্ৰ পৰিবৰ্তনত পাঁচ ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব৷
বৈদিক জ্যোতিষশাস্ত্ৰত শনিৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ শনিয়ে প্ৰতি আঢ়ৈ বছৰত ৰাশি পৰিবৰ্তন কৰে৷ ১২ ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ শনিদেৱক প্ৰায় ৩০ বছৰ সময় লাগে৷ আৰু শনিৰ এটা নক্ষত্ৰ পৰিবৰ্তনত সময় লাগে প্ৰায় এবছৰ৷ সেই হিচাপে সকলো নক্ষত্ৰক এবাৰ ঘূৰি আহিবলৈ প্ৰায় ২৭ বছৰ সময় লয় শনিদেৱে৷
আগন্তুক ১৮ আগষ্টত শনিয়ে নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ উত্তৰভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব শনিদেৱে৷ এই নক্ষত্ৰৰ অধিপতি শনি নিজেই৷ উত্তৰভাদ্ৰপদ ২৭টা নক্ষত্ৰৰ মাজত ২৬ তম আৰু এয়া মীন ৰাশিৰ অন্তৰ্গত৷ ২৭ বছৰ পাছত নিজৰেই নক্ষত্ৰত শনি গোচৰ কৰিব৷ যি ৫ ৰাশিৰ বাবে শুভ হব৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছেনে?
বৃষ ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তনত বৃষ ৰাশিৰ আত্মবিশ্বাস বাঢ়িব৷ যিকোনো কামত ইতিবাচক মনোভাৱ থাকিব৷ কৰ্মক্ষেত্ৰত কামৰ পৰিবেশ অনুকূল থাকিব৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব৷ মানসিক শান্তি থাকিব৷ শৰীৰ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ সমাজত মান সন্মান বাঢ়িব৷
মিথুন ৰাশি
শনিৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন আহিব৷ এই ৰাশিৰ জীৱনলৈ প্ৰেম, সৃজনশীলতা আৰু সন্তান সংক্ৰান্তিয় বিষয় শুভ হব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷ সৃজনশীল কামত সাফল্য পাব৷ শিক্ষাৰ্থীয়ে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷ বুধাদিত্য যোগৰ প্ৰভাৱত সিদ্ধান্ত গ্ৰহণ সহজ হব৷ বিনিয়োগৰ পক্ষে দিনটো শুভ৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷
সিংহ ৰাশি
নিজৰ নক্ষত্ৰলৈ গৈ শনিয়ে সিংহ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পেলাব৷ তুলা ৰাশিৰ জাতক জাতিকাই সুখ্যাতি অৰ্জন কৰিব পাৰে৷ আয় ব্যয়ৰ সামঞ্জস্য ৰাখিলে সঞ্চয় কৰিব পাৰিব৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ অৰ্থনৈতিক পৰিস্থিতি উন্নত হব৷ সম্পৰ্কত ইতিবাচক পৰিবৰ্তনে দেখা দিব৷ সংগীৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
কন্যা ৰাশি
শনিৰ আশীৰ্বাদত কন্যা ৰাশিৰ জীৱনলৈ সাল সলনি আহিব৷ বহু দিনৰ অপূৰ্ণ ইচ্ছা পূৰণ কৰিব পাৰিব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা খোল খাব৷ চাকৰিত নতুন সুযোগ আহিব পাৰে৷ সামাজিক সম্পৰ্ক দৃঢ় হব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক ঠাই নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷
তুলা ৰাশি
শীঘ্ৰেই তুলা ৰাশিৰ জাতক জাতিকাই ভাগ্যৰ সহায় পাব৷ শিক্ষা কিংবা গৱেষণাৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতি কৰিব৷ বুধাদিত্য যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱত আধ্যাত্মিক ধাৰণাত বিশ্বাস বাঢ়িব৷ নতুন কোনো কামৰ সৈতে যুক্ত হব পাৰে৷ পুৰণি ঋণ শোধ কৰিব পাৰে৷ লটাৰিৰ টিকট কাটিলে বাম্পাৰ লাভ হব পাৰে৷ কেৰিয়াৰত প্ৰভাৱশালী কাৰোবাৰ সৈতে দেখা হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















