ৰক্তচাপ বঢ়াটো প্ৰায়সংখ্যক লোকৰেই এতিয়া এক প্ৰধান সমস্যা হৈ পৰিছে৷ হাইপাৰটেনশ্ব্যনৰ বাবেই বহুতেই এতিয়া উচ্চৰক্তচাপৰ সমস্যাত ভুগি আছে৷ কিন্তু উদ্বেগৰ কাৰণ কেৱল উচ্চ ৰক্তচাপেই নহয়৷ ৰক্তচাপ হঠাৎ কমি যোৱাটোও আন এক প্ৰধান সমস্যা হৈ পৰিছে৷ হাইপোটেনশ্ব্যন বা নিম্ন ৰক্তচাপো সমানেই বিপজ্জনক৷ ৰক্তচাপ যদি ১৪০/৯০ mmHgৰ বেছি হয় তেতিয়া বুজিব উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে৷ আৰু ৰক্তচাপ যদি ১১০/৬০mmHg ৰ তললৈ নামি যায় তেতিয়া বুজিব যে ল ব্লাড প্ৰেছাৰ৷
উচ্চ ৰক্তচাপৰ লক্ষণ
ব্লাড প্ৰেছাৰ চেক কৰিলে ৰক্তচাপ ঊৰ্ধ্বগামী বা নিম্নগামী সেয়া বুজা যায়৷ কিন্তু অধিকাংশ মানুহে অকাৰণে প্ৰেছাৰ চেক নকৰে৷ শৰীৰত কোনো উপসৰ্গই দেখা নিদিলে কোনোৱেই প্ৰেছাৰ জুখিবলৈ ৰাজিও নহয়৷ মুৰঘূৰোৱা, শ্বাসকষ্ট, বুকু ধৰফৰাই থকা, নাকেৰে তেজ ওলাই অহা এইসমূহ উচ্চ ৰক্তচাপৰ লক্ষণ বুলি সকলোৱে জানে৷ তেনেকৈ ল প্ৰেছাৰৰো কিছু উপসৰ্গ আছে৷
নিম্ন ৰক্তচাপৰ উপসৰ্গ
কিছু কিছু মানুহৰ জন্মগতভাৱে প্রেছাৰ কম হয়৷ বহু সময়ত প্ৰেছাৰ ৯০/৬০ mmHg ৰ তললৈ নামি যায় অথচ শৰীৰত কোনো লক্ষণে দেখা নিদিয়ে৷ তেতিয়াই কিছু ক্ষেত্ৰত ৰক্তচাপ কমি যোৱাৰ ফলত হাৰ্ট, ব্ৰেইন আৰু অন্যান্য অংগত অক্সিজেন আৰু পুষ্টি নাপায়৷ তেতিয়াই ক্লান্তি, মূৰ ঘুৰোৱা, চকুৰে ধুঁৱলি কুঁৱলি দেখা, অনিয়মিত হাৰ্টবিট, বমি বমি ভাৱ আৰু ব্লেকআউটৰ দৰে উপসৰ্গই দেখা দিয়ে৷
নিম্ন ৰক্তচাপৰ পৰা হব পৰা সমস্যা
বহুতৰে ধাৰণা নিম্ন ৰক্তচাপত ভয় নাই৷ কিন্তু প্ৰেছাৰ কমি গলে হাৰ্টৰ সমস্যাই দেখা দিব পাৰে৷ ৰক্তচাপ কমি গলে বুকু ধৰফৰোৱা, হৃদস্পন্দন অনিয়মিত হৈ যোৱাৰ দৰে উপসৰ্গই দেখা দিয়ে৷ বহু ক্ষেত্ৰত ল ব্লাড প্ৰেছাৰো কাৰ্ডিয়াক এৰেষ্টৰ কাৰণ হৈ থিয় দিয়ে৷ যেনেকৈ শেফালি জেৰিৱালাৰ মৃত্যুৰ অন্যতম কাৰণ আছিল ল ব্লাড প্ৰেছাৰ৷ আকৌ তেজত হিমগ্লবিনৰ মাত্ৰা কম থাকিলে ৰক্তাল্পতাত ভূগিলেও প্ৰেছাৰ কমি যাব পাৰে৷ মহিলাসকলৰ ক্ষেত্ৰত পলিছিষ্টিক অভেৰি চিণ্ড্ৰোম থাকিলেও এই সমস্যা হব পাৰে৷
হঠাৎ প্ৰেছাৰ কমি গলে কি কৰিব?
- ব্লাড প্ৰেছাৰ কমি যোৱাৰ লক্ষণে দেখা দিলে নিমখ চেনী মিহলোৱা পানী খাওক৷ নিমখে শৰীৰত ছডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু শৰ্কৰাই ক্লান্তি কমায়৷ ORS ৰ পাউডাৰো পানীত মিহলাই খাব পাৰে৷
- চকুৱে মুখে ঠাণ্ডা পানী ছটিয়াওক৷ ইয়াৰ ফলত স্নায়ু শিথিল হব আৰু শৰীৰে আৰাম পাব৷ ইয়াৰোপৰি পৰ্যাপ্ত বিশ্ৰাম লওক৷
- হঠাৎ প্ৰেছাৰ কমি গলে ব্লেক কফিও খাব পাৰে৷ কফিত কেফেইন আছে, যিয়ে ৰক্তচাপ লগে লগে বঢ়াই দিয়ে৷
- যদি নিম্ন ৰক্তচাপৰ সমস্যাত ভোগে তেন্তে ডায়েটত নজৰ দিয়ক৷ খাদ্যত গাখীৰ, কণী, চিকেন, পনীৰৰ দৰে প্ৰটিন সমৃদ্ধ খাদ্য ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















