বৈদিক জ্যোতিষমতে যেতিয়া গুৰু গ্ৰহ বৃহস্পতিয়ে এটা ৰাশিৰ পৰা অন্য ৰাশিলৈ ঘৰ সলনি কৰে তেতিয়া তাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত পৰে৷ ১৩ আগষ্ট ২০২৫ তাৰিখে গুৰু গ্ৰহই নক্ষত্ৰ পৰিবৰ্তন কৰিছে৷ একে সময়তে ১৩ আগষ্টৰ পুৱা ৫.৪৪ মিনিটত বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত গোচৰ কৰিছে৷ পঞ্চাঙ্গ অনুসৰি গুৰুৱে ১৮ জুন ২০২৬ তাৰিখৰ সন্ধিয়া পৰ্যন্ত এই নক্ষত্ৰত অৱস্থান কৰিব৷ বৃহস্পতিৰ এই নক্ষত্ৰ পৰিবৰ্তনণ কাৰণে কিছু ৰাশিৰ জাতক জাতিকাই শুভ ফল ভোগ কৰিব পাৰে৷ অৱশ্যে এই পৰিবৰ্তনৰ বাবে কেইটামান ৰাশিৰ জাতকে অশুভ ফলো পাব পাৰে৷ গুৰু বৃহস্পতিক পুৰ্নবাসু নক্ষত্ৰৰ অধিপতি হিচাপে বিবেচনা কৰা হয়৷ জানি থওক এই পৰিবৰ্তনৰ ফলত কোন কোনো ৰাশিৰ জাতক লাভাম্বিত হব?
কৰ্কট ৰাশি
গুৰু বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত পৰিবৰ্তন কৰাৰ বাবে কৰ্কট ৰাশিৰ জাতক লাভাম্বিত হব৷ এই ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল খবৰ আহিব পাৰে৷ কেৰিয়াৰত উন্নতি কৰিব৷ আপোনাৰ বিৰোধীয়েও আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ এই সময়ত সমাজত আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি পাব৷
মেষ ৰাশি
গুৰু বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত পৰিবৰ্তন কৰাৰ ফলত মেষ ৰাশিৰ জাতক লাভাম্বিত হব৷ আৰ্থিক অৱস্থা ভালে থাকিব আৰু আপুনি আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰিব পাৰিব৷ এই সময়ত আপুনি ব্যৱসায় সম্পৰ্কিত কিছু সুসংবাদ লাভ কৰিব পাৰে৷ আপোনাৰ সাহসৰ সৈতে আপুনি সৰু সৰু সমস্যাও নিজেই সমাধান কৰিব পাৰিব৷ ইয়াৰ সৈতে আপুনি পৰিয়ালৰ সৈতেও সময় কটাব পাৰিব৷
কন্যা ৰাশি
গুৰু বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত পৰিবৰ্তন কৰাৰ ফলত কন্যা ৰাশিৰ জাতক লাভাম্বিত হব৷ অৰ্থৰ নতুন উৎস তৈয়াৰ হব৷ আপুনি কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰিব আৰু আপোনাৰ শত্ৰুকো পৰাজিত কৰিব পাৰিব৷ এই সময়ত আপুনি পূৰ্ণ আত্মবিশ্বাসৰ সৈতে অফিচত ভাল পাৰ্ফৰমেন্স দেখুৱাব পাৰিব৷ ইয়াৰোপৰি আপোনাৰ কামৰ সৈতে সম্পৰ্কিত ভ্ৰমণো এই সময়ত হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















