দুৰ্গাপূজালৈ মাজত বেছি দিন নাই৷ ছেপ্টেম্বৰৰ শেষত ২৮ তাৰিখৰ পৰা আৰম্ভ হব দুৰ্গাপূজা৷ আৰু সেই দুৰ্গাপূজাৰ মাহতেই একাধিক গ্ৰহৰ গোচৰ আছে৷ দুৰ্গাপূজাৰ মাহৰ এই গ্ৰহ গোচৰক লৈ একাধিক ৰাশিৰ জাতক জাতিকাই যেনেকা লাভ পাব তেনেকৈ বহু ৰাশিৰ জাতক জাতিকা কঠিন পৰিস্থিতিৰ মুখতো পৰিব৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকাই লাভ পাব?
মেষ ৰাশি
এই ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহ খুবেই লাকী হব পাৰে৷ দীৰ্ঘ দিন ধৰি কোনো কাম ৰৈ থাকিলে সেই কাম সম্পন্ন হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব৷ মান সন্মান বাঢ়িব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত বিপুল লাভ আহিব পাৰে৷ ব্যৱসায়ত ভাল লাভ পাব৷
মিথুন ৰাশি
বুধৰ কন্যা ৰাশিত যাত্ৰা কৰাই ভদ্ৰ মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিব৷ আপোনাৰ লগ্নভাৱত বহি আছে বৃহস্পতি৷ আপুনি এই সময়ত নানান পাৰ্থিৱ সুখ স্বাচ্ছন্দ্য পাব৷ মান সন্মান বাঢ়িব৷ শিক্ষাক্ষেত্ৰত ভাল লাভ পাব৷ ঘৰ, বাহন, সম্পত্তি কিনিব পাৰে৷ ব্যৱসায়ী জাতক জাতিকাই ভাল লাভ পাব৷
কৰ্কট ৰাশি
এই সময়ত চন্দ্ৰই কোনো গ্ৰহৰ সৈতে যুঁটি তৈয়াৰ কৰিব৷ তাত সূৰ্য আৰু বুধে বুধাদিত্য যোগো তৈয়াৰ কৰিব৷ সকলো মিলি সকলো দিশৰ পৰা ছেপ্টেম্বৰত কৰ্কট ৰাশিৰ ভাগ্য উন্নতি হব৷ ৰাজনীতিৰ সৈতে জড়িত সকলে বিশেষ লাভ পাব পাৰে৷ ইয়াৰোপৰি ছেপ্টেম্বৰত সিংহ, তুলা, ধনু ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ চাকৰি, শিক্ষাক্ষেত্ৰ, ব্যৱসায়ত ভাল লাভ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















