২১ আগষ্ট ২০২৫ বৃহস্পতিবাৰে গঠিত হৈছে গুৰুপুষ্য যোগ এই যোগ বছৰৰ যিদিনা হয় সেই দিনটো দীপাৱলিৰ সমানেই শুভ বুলি ধৰা হয়৷ বৃহস্পতিবাৰে পুষ্য নক্ষত্ৰ থাকিলে এই যোগ গঠিত হয়৷ আজি হৈছে চলিত বছৰৰ দ্বিতীয় গুৰুপুষ্য যোগ৷ এই যোগত মা লক্ষ্মীৰ আৰাধনা কৰা অত্যন্ত শুভ৷ কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে এই দিনটো অত্যন্ত শুভ৷ সম্ভৱ হলে আজি সোণ বা ৰূপ ক্ৰয় কৰিলে তুষ্ট হব মা লক্ষ্মী৷ জানি থওক গুৰুপুষ্য যোগৰ সুফল কোন কোন ৰাশিৰ জাতকে পাব? এই সকলো ৰাশিৰ ঘৰলৈ আজি লক্ষ্মীৰ আগমন ঘটিব?
মিথুন ৰাশি
গুৰুপুষ্য যোগৰ শুভ প্ৰভাৱত আজি সকলো কামতে সাফল্য পাব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ সকলো পৰিকল্পনা ৰূপায়ণ কৰিব পাৰে৷ নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে এই দিনটো শুভ৷ ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰে৷ পিতৃস্থানীয় কাৰোবাৰ সমৰ্থন পাব পাৰে৷ পৰিয়ালত সুখ আৰু সমৃদ্ধি বৰ্তি থাকিব৷
কৰ্কট ৰাশি
গুৰুপুষ্য যোগৰ শুভ প্ৰভাৱত জীৱনত ডাঙৰ পৰিবৰ্তন আহিব কৰ্কট ৰাশিৰ জাতকৰ৷ ৰৈ থকা কাম আগুৱাব৷ বুদ্ধি খটুৱাই সকলো সিদ্ধান্ত ল’ব পাৰে৷ বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ শিক্ষক স্থানীয় ব্যক্তিৰ পৰামৰ্শ পাব পাৰে৷ পৰিয়ালত শান্তি থাকিব৷ সকলো আৰ্থিক সমস্যা দূৰ হব৷
কন্যা ৰাশি
গুৰুপুষ্য যোগৰ প্ৰভাৱত আজিৰ পৰাই স্পেছিয়েল সময় আৰম্ভ হব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ ব্যৱসায় বঢ়োৱাৰ পৰিকল্পনা কাৰ্যকৰী হব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ বিনিয়োগৰ পৰাও মোটা লাভ কৰিব পাৰে৷ বন্ধুৰ সহায়ত দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ প্ৰচুৰ উপাৰ্জন কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷
তুলা ৰাশি
গুৰুপুষ্য যোগত বাম্পাৰ লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ অংশীদাৰি ব্যৱসায়ত লাভৱান হব৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব৷ জীৱনসংগীৰ নামত বিনিয়োগ কৰিলে তাৰ পৰা মুনাফা পাব৷ এই সময় বিলাসিতাৰ মাজেৰে কটাব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে উপকাৰী গুৰুপুষ্য যোগ৷ সৃজনশীল কামৰ বাবে প্ৰশংসা পাব৷ এই সময়ত আত্মবিশ্বাসেৰে শীৰ্ষত থাকিব৷ কৰোবাত অৰ্থ বিনিয়োগ কৰিলে আপুনি লাভৱান হব৷ ব্যৱসায়ত কাংখিত সাফল্য পাব৷ নতুন চাকৰি পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















