ঘৰতেই হওক বা কাৰ্যালয় সকলোৱে ঘৰত পানী বটল ৰাখেই৷ বটলত নতুনকৈ পানী ভৰাইয়ো থকা হয়৷ পানী ভৰাওঁতে কোনো কোনো লোকে পুৰণি পানীৰ ওপৰতেই আকৌ নতুন পানী ভৰাই দিয়ে৷ ধোৱা দূৰৈৰ কথা তেনেকৈ পানী ভৰাই সেই পানী সেৱনো কৰে৷ এই ব্যৱস্থাত আপুনিও অভ্যস্থ নেকি? কিমান ক্ষতিকৰ এই অভ্যাস?
পানীৰ বটল হলেও তাতো ৰোগৰ জীৱাণুৰ সংক্ৰমণ হব পাৰে বুলি জনাইছে চিকিৎসকে৷ নোধোৱা পানীৰ বটলত লুকাই থাকে জীৱাণু৷ আপাতদৃষ্টিত যি পৰিষ্কাৰ ধাৰণা কৰা হয় তাতেই থাকে অসুখৰ ঘৰ৷ পানীৰ মাধ্যমেৰে বেক্টেৰিয়া মানৱশৰীৰত প্ৰৱেশ কৰে৷ মনত প্ৰশ্ন আহিব পাৰে, সদায়ে বটল পৰিস্কাৰ কৰা ধোৱা জৰুৰী নেকি? কেইদিনৰ মূৰে মূৰে পানীৰ বটল পৰিস্কাৰ কৰিব লাগে?
বহুতেই বটলত মুখ লগাই পানী খায়৷ সেই সময়ত মুখ গহ্বৰত থকা ৰোগৰ জীৱাণু পানীত মিহলি হৈ পৰে৷ মুখত থকা খাদ্যকণাও সেই সময়ত পানীত মিহলি হব পাৰে৷ তাৰপৰাই ৰোগৰ জীৱাণু বাঢ়িব পাৰে৷ সেই কাৰণেই বটলৰ পুৰণি পানীৰ সৈতে নতুন পানীৰ মিশ্ৰণ কৰাটো সঠিক নহয়৷ সেয়ে কোৱা হয়, এজনৰ পানীৰ বটলো অন্যজনে ব্যৱহাৰ কৰা উচিত নহয়৷ বিশেষকৈ অসুস্থ মানুহৰ বটল কেতিয়াও অন্যজনে ব্যৱহাৰ কৰা উচিত নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















