আগন্তুক মাহৰ ২১ ছেপ্টেম্বৰত মহালয়া৷ এই দিনটোতেই ধৰাধামলৈ নামি আহিব দেৱী দুৰ্গা৷ ২১ ছেপ্টেম্বৰৰ পূৰ্বেই মঙ্গলৰ কৃপা বৰ্ষণ হব কেইটামান ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি মঙ্গলগ্ৰহই ডেৰমাহৰ পাছত ৰাশি পৰিবৰ্তন কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে৷
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি মঙ্গলগ্ৰহই ডেৰমাহৰ পাছত ৰাশি পৰিবৰ্তন কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকা লাভাম্বিত হব৷ মঙ্গলে ১৩ ছেপ্টেম্বৰত তুলা ৰাশিত প্ৰৱেশ কৰিব৷ যাৰ ফলত কিছু ৰাশিৰ ভাগ্য চমকি উঠিব৷ লাকী ৰাশিৰ তালিকাত কোন কোন আছে?
তুলা ৰাশি
মঙ্গল গ্ৰহই আপোনাৰ ৰাশিৰ লগ্নভাৱত সঞ্চৰণ কৰিছে৷ এই সময়কালত আপোনাপ ব্যক্তিত্বলৈ উজ্জ্বলতা আহিব৷ আপোনাৰ সাহস বৃদ্ধি পাব৷ চাকৰিত প্ৰমোছন হব৷ সম্পৰ্কত মধুৰতা আহিব৷ ছাত্ৰসকলে আগন্তুক সময়ত প্ৰভাৱশালী শিক্ষকৰ লগ পাব৷ আপুনি কেৰিয়াৰৰ দিশত উন্নতি কৰিব৷ পাৰ্টনাৰশ্বিপৰ কামত লাভ কৰিব পাৰে৷
কন্যা ৰাশি
এই পৰিস্থিতিত আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ মঙ্গলে আপোনাৰ গোচৰ কুণ্ডলীত ধনভাৱত গোচৰ কৰিব৷ আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল হব৷ আপোনাৰ কথাত ইয়াৰ প্ৰভাৱ থাকিব৷
কুম্ভ ৰাশি
মঙ্গলগ্ৰহ আপোনাৰ ৰাশিৰ ভাগ্যস্থানত আছে৷ এই সময়ত আপুনি ভাগ্যৰ সহযোগিতা পাব৷ উচ্চশিক্ষা, আধ্যাত্ম, বিকাশৰ দিশৰ পৰা এই সময়কাল ভাল৷ বিদেশৰ সৈতে কোনো সম্পৰ্ক থাকিলে সেই সম্পৰ্ক শক্তিশালী হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















