পোষ্ট অফিচৰ জনপ্ৰিয় স্কিমসমূহৰ মাজত এটা হৈছে মন্থলি ইনকাম স্কিম৷ যিসকলে এই স্কিমত বিনিয়োগ কৰিব খুজে বা এককালীন টকা জমা থয় তেন্তে মাহে মাহে নিশ্চিতভাৱে ভাল অংকৰ ধন লাভ কৰিব৷ অৱসৰপ্ৰাপ্ত ব্যক্তি, গৃহিণী বা এনে বিনিয়োগকাৰীৰ যিসকলে স্থিৰ আয় বিচাপে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ মন্থলি ইনকাম স্কিম সকলোতকৈ নিৰাপদ৷
পোষ্ট অফিচ মন্থলি ইনকাম স্কিম হৈছে এক স্মল ছেভিংছ স্কিম, য’ত নিৰ্দিষ্ট সময়ৰ বাবে এককালীন বিনিয়োগ কৰিলে প্ৰতিমাহে এই বিনিয়োগৰ ওপৰত নিৰ্দিষ্ট সুদ পোৱা যায়৷ সুদৰ টকা ডাইৰেক্ট বিনিয়োগকাৰীৰ ছেভিংছ একাউণ্টত জমা হয়৷ ৫ বছৰৰ এই স্কিমত ম্যাদৰ শেষত মূলধনো উভতাই দিয়া হয়৷
পোষ্ট অফিচৰ মন্থলি ইনকাম একাউণ্টত বৰ্তমান সুদৰ হাৰ বছৰি ৭.৪ শতাংশ৷ এই স্কিমত এতিয়া ছিংগল একাউণ্টৰ মাধ্যমেৰে সৰ্বাধিক ৯ লাখ টকা আৰু জয়েণ্ট একাউণ্টৰ মাধ্যমেৰে সৰ্বাধিক ১৫ লাখ টকা জমা কৰিব পাৰে৷ পোষ্ট অফিচৰ মন্থলি ইনকাম একাউণ্ট হৈছে চৰকাৰ সমৰ্থিত এক স্মল ছেভিংছ স্কিম, যত গেৰাণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷
কোনে কোনে ইয়াত একাউণ্ট খুলিব পাৰে?
১. প্ৰাপ্তবয়স্কই চিংগত একাউণ্ট খুলিব পাৰে৷
২. যৌথ একাউণ্ট সৰ্বাধিক ৩গৰাকী প্ৰাপ্তবয়স্কই একেলগে একাউণ্ট খুলিব পাৰে৷
৩. নাৱালকৰ নামত অভিভাৱকে এই একাউণ্ট খুলিব পাৰে৷
৪. যদি নাবালকৰ বয়স ১০ বছৰ হয় তেতিয়াহে নাবালকৰ নামত একাউণ্ট খুলিব পাৰে৷
আপুনি যদি এম আই এছত ১০ লাখ টকা জমা ৰাখে তেন্তে ৭.৪শতাংশ সুদৰ হিচাপত আপুনি বছৰি ৭৪০০০ টকা সুদ পাব৷ এই হিচাপ অনুসৰি প্ৰতিমাহে আপুনি পাব ৬১৬৬ টকা৷ ১০ লাখ টকা জমা ৰাখিবলৈ হলে জয়েণ্ট এম আই এছ একাউণ্ট হব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ