বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বুধে মাহত অন্তত ২বাৰ ৰাশি পৰিবৰ্তন কৰি থাকে৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখে৷ ছেপ্টেম্বৰৰ আৰম্ভণিতে বুধে, সিংহ ৰাশিত বিৰাজ কৰিব৷ ফলত কিছু শুভ, অশুভ যোগ তৈয়াৰ হব৷ যাৰফলত কেন্দ্ৰ যোগৰ নিৰ্মাণ হব৷ বুধৰ এই যোগৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ কোন কোন ৰাশিয়ে লাভ পাব পাৰে?
৩ ছেপ্টেম্বৰৰ দুপৰীয়া ১ বাজি ৮ মিনিটত বুধ আৰু সূৰ্যই এটাই আনটোৰ ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ তাৰফলত কেন্দ্ৰ যোগৰ নিৰ্মাণ হব৷ ইয়াক কেন্দ্ৰ যোগ বুলি কোৱা হয়৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে৷ লাকী ৰাশি কি কি?
বৃষ ৰাশি
বুধৰ সৈতে সূৰ্যৰ যুঁটিৰ ফলত সৃষ্টি হোৱা কেন্দ্ৰ যোগত লাভদায়ী হব পাৰে৷ এই সময়ত বুধ চতুৰ্থস্থানত আছে৷ ইয়াৰফলত বিশেষ লাভ পাব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাই৷ যি কাম বহুদিন ৰৈ আছিল এইবাৰ সেই কাম সম্পন্ন হব৷ মাটিবাৰীৰ ক্ষেত্ৰত আপুনি সাফল্য পাব পাৰে৷ সুখ সুবিধাও এইবাৰ বৃদ্ধি পাব৷ আপোনাৰ কামত উচ্চ অধিকাৰীসকল আপোনাৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব৷ যাৰ ফলত কৰ্মক্ষেত্ৰত ভাল লাভ কৰিব পাৰে৷
কৰ্কট ৰাশি
হঠাৎ হাতলৈ বহু ধন আহিব পাৰে৷ দীৰ্ঘ সময় ধৰি যি কাম ৰৈ আছে সেয়া এইবাৰ সম্পন্ন হব৷ জীৱনত নানান ধৰণৰ আনন্দৰ মুহূৰ্ত আহিব৷ ছাত্ৰসকলৰ বাবে এই সময় ভাল৷ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিলে সফল হব৷ এই সময়ত বিশেষ লাভ পাব পাৰে৷ জীৱনলৈ সুখ আহিব আপোনাৰ৷
তুলা ৰাশি
কেন্দ্ৰ যোগে এই সময়ত আপোনাক নানান ধৰণে লাভাম্বিত কৰিব৷ ব্যৱসায়ত লাভ পাব পাৰে৷ আপুনি কোনো কামত কৰা পৰিশ্ৰমৰ ফলত লাভাম্বিত হব৷ শিক্ষাক্ষেত্ৰত আপুনি লাভ পাব পাৰে৷ আনন্দৰ সময় কটাব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















