দুজনেই সত্তৰৰ ঘৰ অতিক্ৰম কৰিছে৷ সেয়ে আয়ুস আৰু বয়সক লৈ দুই ৰাষ্ট্ৰনেতাৰ চিন্তাভাৱনা কৰাৰ কথা তেওঁলোকৰ কথোপকথনতেই প্ৰকাশ পাইছে৷ বেইজিঙত এক সামৰিক কুচকাৱাছত অংশগ্ৰহণ কৰাৰ সময়তে চীনৰ প্ৰেচিডেণ্ট চি জিনপিং আৰু ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ আলোচনাত স্থান পাইছে আয়ুসবৃদ্ধি আৰু অমৰত্বৰ প্ৰসংগ৷ ভুলতে এটা মাইক অন হৈ থকাৰ বাবে সেই কথোপকথন ভাইৰেল হৈ পৰিছে৷ দুই দেশৰ ৰাষ্ট্ৰনেতাৰ কথোপকথন ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷ অৱশ্যে ভাইৰেল ভিডিঅ’টো কিমান সত্য এই সম্পৰ্কে জ্ঞাত নহয় অসম লাইভ২৪৷
ঐতিহাসিক তিয়েনআনমেন স্কোৱাৰলৈ গৈ ছি জিনপিং, পুটিন আৰু কিম জং উনে একেলগে সামৰিক কুচকাৱাছৰ বিশেষ অনুষ্ঠান উপভোগ কৰিছে৷ তেওঁলোক একেলগে খোজকাঢ়ি সেই স্থানলৈ যোৱাৰ দৃশ্য চীনৰ চৰকাৰী টিভিত সম্প্ৰচাৰিত হৈছে৷ তাতেই দেখা গৈছে অৰ্থনৈতিক আৰু ৰাজনৈতিক আলোচনাৰ বাহিৰেও ব্যক্তিগত কিছু কথাও পাতিছে তিনি ৰাষ্ট্ৰনেতাই৷ ছি জিনপিং আৰু পুটিনৰ মাজৰ কথাবাৰ্তা অনুবাদকৰ সহায়ত চলিছে৷ ৰয়টাৰ্ছৰ প্ৰতিবেদনত সমগ্ৰ বিষয়টো প্ৰকাশিত হৈছে৷
ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি পুটিনক উদ্দেশ্যি ছি জিনপিঙে কথা কৈ থকাৰ সময়ত তেওঁৰ দোভাষীয়ে ৰাছিয়ান ভাষাত সেয়া অনুবাদ কৰি পুটিনক বুজায় দিয়ে৷ তেওঁ ৰুছ ভাষাত কৈছে, ‘অতীতত ৭০ বছৰতকৈ বেছি বয়সলৈ জীয়াই থকাটো এক প্ৰত্যাহ্বান আছিল৷ আজিকালি ৭০ বছৰ বয়সতো নিজকে শিশুৱেই ভাৱিব পাৰি৷’ অনুবাদকে এই অনুবাদ কৰাৰ পাছতেই হাঁহি হাঁহি উত্তৰ দিয়ে পুটিনে৷ পুটিনৰ উত্তৰো ছি জিনপিঙক চীনৰ মান্দাৰিন ভাষাত বুজাই দিছে অনুবাদকে৷ অনুবাদকে কৈছে, ‘মানৱ অংগ প্ৰতিস্থাপনযোগ্য৷ আপুনি যিমান দিন মন যায় সিমানদিন বাচি থাকিব পাৰে৷ কম বয়সীয়া হব খুজিলেও হব পাৰে অমৰত্বও লাভ কৰিব পাৰে৷’ তাৰপিছতেই চীনৰ ৰাষ্ট্ৰপ্ৰধান ছি জিনপিঙেও নিজা মন্তব্য ৰাখি কয়, এই শতাব্দীত ১৫০ বছৰ জীয়াই থকাটো কোনো বিচিত্ৰ বিষয় নহয়৷
উল্লেখ্য যে চীনৰ বিজয় দিৱসৰ অনুষ্ঠানত ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনক এফালে আৰু আনফালে উত্তৰ কোৰিয়াৰ অবিসংবাদী নেতা কিম জং উনক লৈ চীনৰ ৰাষ্ট্ৰপ্ৰধানে বিভিন্ন আলোচনা কৰিছে৷ এই আলোচনাৰ মাজৰে এটা ক্লিপ ভাইৰেল হৈ পৰাৰ লগে লগেই অমৰত্ব বিষয়ক লৈ আন্তৰ্জাতিক মহলত চৰ্চাও হৈছে৷ দুই ক্ষমতাধন ৰাষ্ট্ৰৰ নেতাৰ ব্যক্তিগত আলাপৰ মুহূৰ্ততো লাখ লাখ মানুহে দেখিছে৷ জনা গৈছে পুটিনেও পাছত ৰুছ গণমাধ্যমৰ সন্মুখত কথা পতাৰ সময়ত বিষয়টোক লৈ বিবৃত্তি দিয়ে৷ তেওঁ জনায়, আধুনিক চিকিৎসা পদ্ধতিত আনকি অংগ প্ৰতিস্থাপনৰ মাধ্যমেৰে মানৱজীৱনে এতিয়া দীৰ্ঘায়ু লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















