• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

10 months ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

24 minutes ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

1 hour ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

2 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

3 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

4 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

4 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

5 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

7 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

8 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

9 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

9 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

editor by editor
September 4, 2025
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে পণ্য পৰিসেৱা কৰৰ কাঠামোৰ বৃহৎ পৰিবৰ্তনৰ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰই৷ ৩ ছেপ্টেম্বৰত অনুষ্ঠিত দীৰ্ঘম্যাদি বৈঠকৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে নতুন জিএছটিৰ হাৰ ঘোষণা কৰিছে৷ সাধাৰণ জনতাৰ সুবিধাৰ কথা মূৰত ৰাখি কেন্দ্ৰীয় চৰকাৰে পৰিবৰ্তনৰ প্ৰস্তাৱ দিছিল জি এছ টি কাউন্সিলক৷ বৈঠকত সেয়া অনুমোদন দিছে কাউন্সিলে৷

আগন্তুক ২২ ছেপ্টেম্বৰৰ পৰা নতুন জি এছ টিৰ হাৰ কাৰ্যকৰী কৰা হব৷ যিসমূহ পণ্যৰ কৰ কমোৱা হৈছে তাৰ মাজতে আছে সৰু গাড়ী৷ অৰ্থাৎ পূজাৰ পূৰ্বে যিসকলে নতুন বাহন ক্ৰয় কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে বোনাছৰ ব্যৱস্থা কৰিছে বিত্তমন্ত্ৰীয়ে৷ টিভি, এচি, সৰু গাড়ী, ৩৫০ চিচিৰ তলৰ বাইকৰ দাম কমোৱাৰ কথা ঘোষণা কৰিছে জি এছ টি কাউন্সিলে৷ এতিয়াৰে পৰা এই পণ্যসমূহত ২৮শতাংশৰ সলনি ১৮ শতাংশ জিএছটি লোৱা হব৷ বিলাসবহুল বাহনৰ অৱশ্যে জিএছটি কমোৱা হোৱা নাই৷ কিন্তু অভাৱনীয়হাৰত কমোৱা হৈছে সৰু গাড়ীৰ দাম৷

ভাৰতীয় বাহনৰ বজাৰত মেৰুদণ্ড হিচাপে ধৰা হয় সৰু গাড়ীসমূহক৷ বিগত কেইবাবছৰ ধৰি বাহন বিক্ৰী কমিছে৷ সমগ্ৰ বছৰ যিমানেই মন্দা নহওক কিয় উৎসৱৰ সময়ত পূৰ্বে বাহনৰ বিক্ৰি বাঢ়ে৷ কিন্তু ২০২৪ চনৰ পৰিসংখ্যাত প্ৰকাশিত তথ্য অনুসৰি লাখ লাখ বাহন পৰি ৰৈছে শ্ব’ৰুমত৷ মূলত বাহনৰ দাম বৃদ্ধিৰ কাৰণেই সৰুগাড়ীৰ চাহিদা কমি গৈছিল৷ চলিত কৰ কাঠামোত ১২০০ চিচিৰ ক্ষমতাসম্পন্ন ইঞ্জিন আৰু ৪ মিটাৰৰ কম দৈৰ্ঘ্যৰ সৰু পেট্ৰল, এল পি জি আৰু চিএন জি বাহনত বৰ্তমান ২৮শতাংশ জিএছটি প্ৰযোজ্য আছিল৷ ইয়াৰোপৰি ১শতাংশ চেচ মিলাই মুঠ ২৯শতাংশ কৰ দিব লাগিছিল ক্ৰেতাই৷

১৫০০ চিচি বা তাতকৈ কম ইঞ্জিন ক্ষমতাসম্পন্ন আৰু ৪ মিটাৰৰ কম দৈৰ্ঘ্যৰ সৰু ডিজেল গাড়ীসমূহত ২৮শতাংশ জিএছটি আৰু ৩শতাংশ চেচ বহোৱা হৈছে৷ মুঠ কৰৰ পৰিমাণ হয়গৈ ৩১ শতাংশ৷ নতুন কাঠামোত ১০ শতাংশ কমি গৈ মুঠ ১৮শতাংশ কৰি দিব লাগিব এই দুই শ্ৰেণীৰ বাহনত৷ ইয়াৰ ফলত সৰু বাহনৰ বজাৰ আকৌ চলিবলৈ আৰম্ভ হব বুলি আশাবাদী গাড়ীবিক্ৰেতা সংস্থাসমূহ৷ কৰ ব্যৱস্থাৰ সৱলীকৰণে নতুনকৈ শ্ব’ৰুমমুখী কৰিব পাৰে ক্ৰেতাসকলক৷ জানি থওক কোন বাহনৰ কিমান দাম কমিব?

ভাৰতত বহুল প্ৰচলিত বাহন হৈছে মাৰুতি-ছুজুকিৰ বাহন৷ এই ব্ৰেণ্ডৰ বহুলবিক্ৰিত এটা মডেল হৈছে মাৰুতি ছুজুকি এল্ট কে-১০৷ পেট্ৰল ইঞ্জিনৰ হেচবেকৰ মাজত এই বিশেষ মডেলটিৰ চাহিদা আছে সমগ্ৰ দেশত৷ ব্যক্তিগত আৰু টেক্সি পৰিসেৱা উভয় ক্ষেত্ৰতেই ব্যৱহাৰ কৰা হয় এল্টক৷ পুনৰ্গঠিত জিএছটিৰ ফলত এল্ট কে-১০ৰ দাম কমিব৷ ইয়াৰ দাম ৪.২৩ লাখ টকা এক্স শ্বৰুম প্ৰাইজৰ পৰা কমি প্ৰায় ৩.৮১ লাখ টকা এক্স শ্বৰুম প্ৰাইজ হোৱাৰ সম্ভাৱনা আছে৷

ক্ৰেতাসকলৰ পছন্দৰ তালিকাত আছে হুণ্ডাই৷ ভাৰতৰ দ্বিতীয় বৃহৎ গাড়ী নিৰ্মাণকাৰী সংস্থাৰ জনপ্ৰিয় মডেলসমূহৰ ভিতৰত এখন হৈছে আই টেন নিঅ’৷ বাহনপ্ৰেমীৰ মনত আই টেন নিঅ’ৰ আছে বিশেষ কদৰ৷ ১.২ লিটাৰ ইঞ্জিনচালিত সৰু হেচবেকখনৰ দাম ৫.৯৮ লাখ টকা এক্স শ্বৰুম প্ৰাইজ৷ সেই দাম ৫.৫১ লাখ টকা এক্স শ্বৰুম প্ৰাইজলৈ নামি আহিব পাৰে বুলি ধাৰণা কৰিছে বাহন বিক্ৰেতাসকলে৷

কম দামত চেডান গাড়ীৰ চাবি ক্ৰেতাৰ হাতত তুলি দিছে জনপ্ৰিয় ছুইফট এণ্ড ডিজায়াৰ গাড়ীয়ে৷ চাৰি মিটাৰতকৈ সৰু কমপেক্ট বাহনখন ক্ৰেতাৰো খুবেই পছন্দৰ৷ এই বাহনৰ ওপৰতো নতুন হাৰত ১৮ শতাংশ জি এছ টি প্ৰযোজ্য হলে বাহনখনৰ দাম প্ৰায় ৬০,০০০ টকা কমি যোৱাৰ সম্ভাৱনা আছে৷ ডিজায়াৰৰ এক্স শ্বৰুম দাম প্ৰায় ৬ লাখ ৮৪ হাজাৰ টকা৷ সেই দাম কমি ৬ লাখ ২৪ হাজাৰ টকাৰ আশেপাশে হব পাৰে৷ ছুইফটৰ দাম কমি ৬লাখলৈ অহাৰ সম্ভাৱনা আছে৷

ইফালে SUVৰ ক্ষেত্ৰত কৰকাঠামো ৪০শতাংশ কৰা হৈছে৷ ১৫০০ চিচিৰ বেছি ইণ্ডিন ক্ষমতাসম্পন্ন আৰু ৪ মিটাৰতকৈ বেছি দৈৰ্ঘ্যৰ SUVখনত ২৮শতাংশ জি এছ টি আৰু ২২ শতাংশ চেচসহ ৫০শতাংশ হাৰত কৰ লোৱা হয়৷ চেচ তুলি ৪০শতাংশ কৰৰ আওঁতালৈ অনা হৈছে এছ ইউ ভিক৷ এইক্ষেত্ৰত ১০শতাংশ কৰ কমোৱাৰ ফলত এই বাহনসমূহৰ দামো কমাৰ আশা কৰিছে ক্ৰেতা আৰু বিক্ৰেতাই৷

ভাৰতত সকলোতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক বিক্ৰি হোৱা এছ ইউ ভিৰ মাজত অন্যতম হৈছে টাটা নেক্সন৷ বাহনখনৰ বেছ মডেলৰ দামত আনুমানিক ৮০ হাজাৰ টকা কমিব পাৰে৷ ভাৰতৰ অন্যতম জনপ্ৰিয় এছ ইউ ভি হুণ্ডাই ক্ৰেটাৰ ওপৰতো ৪৩শতাংশ কৰ ধাৰ্য আছিল৷ ৩শতাংশ কমালে এই বাহনৰো দাম কিছু কমিব৷ একেধৰণে নতুন কৰৰ আওঁতাত অহাৰ ফলত মহিন্দ্ৰাৰ স্কৰপিও আৰু থাৰ দুখন এছ ইউ ভিৰ ক্ষেত্ৰত ১০শতাংশ হাৰত দাম কমাৰ আশা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
Next Post
কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.