জ্যোতিষশাস্ত্ৰত প্ৰতিটো গ্ৰহই কিছু সময়ৰ অন্তৰে অন্তৰে নিজৰ স্থান পৰিবৰ্তন কৰি থাকে৷ তেনেকৈ শুক্ৰ গ্ৰহইয়ো এই মাহৰ ১৫ তাৰিখৰ পৰা ৯ অক্টোবৰ পৰ্যন্ত সিংহ ৰাশিত গমন কৰিব৷ সম্পদ আৰু সমৃদ্ধিৰ কৰ্তা শুক্ৰৰ এই গমন সূৰ্যৰ ৰাশিত থকাৰ বাবে কিছু মানুহৰ জীৱনলৈ বিশেষ সুযোগ আহিব৷ এই সময়ত ৰাজযোগ আৰু ধনযোগৰ সুবিধা পাব পাৰে৷ এই সময় বিশেষকৈ ৰাজনীতি, প্ৰশাসন আৰু চৰকাৰী চাকৰিৰ সৈতে যুক্ত ব্যক্তিৰ বাবে খুবেই শুভ হব৷ কোন কোন ৰাশিৰ বাবে শুভ হ’ব এই সময়?
মেষ ৰাশি
মেষ ৰাশিৰ পঞ্চম ঘৰত শুক্ৰৰ প্ৰৱেশে আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ উন্নতি ঘটাব৷ এই সময়ত আপুনি আপোনাৰ দক্ষতাৰে মানুহক মুগ্ধ কৰিব আৰু কৰ্তৃত্ব অৰ্জন কৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰত আপুনি সফলতা লাভ কৰিব৷ আপুনি হঠাৎ আৰ্থিক লাভ আৰু সন্তান সম্পৰ্কিত কোনো সু সংবাদ পাব পাৰে৷ বিদেশৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভৰো সম্ভাৱনা আছে৷
বৃষ ৰাশি
এই ৰাশিৰ চতুৰ্থ ঘৰত এই ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰৰ গোচৰ পৰিয়ালৰ বাবে সুখ আৰু সমৃদ্ধিৰ পথ খুলিব দিব৷ নতুন ঘৰ বা সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ সামাজিক স্তৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কৰ্মজীৱন আৰু চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ ৰাজনীতি আৰু প্ৰশাসনিক ক্ষেত্ৰতো ইতিবাচক সুযোগ আহিব৷
কৰ্কট ৰাশি
ধন গৃহত শুক্ৰৰ আগমনে আপোনাৰ আয় বৃদ্ধি কৰিব পাৰে৷ কম পৰিশ্ৰম কৰিলেও আপুনি বেছি লাভ পাব৷ শ্বেয়াৰ বজাৰ বা বিনিয়োগৰ পৰা ভাল ফলাফল সম্ভৱ৷ বেকাৰ ব্যক্তিয়ে চাকৰি পাব পাৰে৷ চাকৰিয়ালে বিদেশৰ পৰা সুযোগ লাভ কৰিব৷ বৈবাহিক জীৱনত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আৰ্থিক চাপ দূৰ হব৷
সিংহ ৰাশি
এই ৰাশিত শুক্ৰৰ গোচৰে আপোনাৰ কৰ্মজীৱন আৰু জীৱনযাত্ৰাত পৰিবৰ্তন আনিব পাৰে৷ আপুনি পদোন্নতি, নতুন দায়িত্ব আৰু কৰ্মক্ষেত্ৰত স্বস্তি পাব৷ কামৰ কাৰণে বিদেশ ভ্ৰমণ সম্ভৱ৷ বেকাৰসকলে চাকৰি পোৱাৰো প্ৰৱল সম্ভাৱনা আছে৷ আপোনাৰ জীৱনসংগীয়েও উচ্চপদ পাব পাৰে৷
তুলা ৰাশি
এই ৰাশিৰ লাভৰ ঘৰত শুক্ৰৰ গোচৰ আপোনাৰ বাবে ৰাজযোগৰ পৰিস্থিতি তৈয়াৰ কৰিব৷ ৰৈ থকা অৰ্থ উভতাই পাব পাৰে৷ ব্যৱসায় আৰু কৰ্মজীৱনত লাভ হব৷ বিবাহিত জীৱনলৈ সুসংবাদ আহিব৷
ধনু ৰাশি
ভাগ্যৰ ঘৰত শুক্ৰৰ প্ৰৱেশ আপোনাৰ বাবে খুবেই শুভ৷ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰত আপুনি সাফল্য পাব৷ বিদেশ ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ সুযোগ আহিব৷ আয়ৰ ধাৰাবাহিক বৃদ্ধি ঘটিব৷ চৰকাৰী চাকৰি, বেংকিং বা প্ৰশাসনিক পৰিসেৱাৰ চাকৰি লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি ব্যৱসায় কৰা ব্যক্তিয়েও প্ৰচুৰ লাভ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ