টছৰ সময়ত পাকিস্তানৰ কেপ্টেইন ছলমান আলি আগাৰ সৈতে হেণ্ডছেক নকৰিলে সূৰ্যকুমাৰ যাদৱে৷ মেচৰ শেষত ইণ্ডিয়া টিমৰ প্লেয়াৰসকলৰ কোনোৱে পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ সৈতে হাত নিমিলালে৷ সাধাৰণতে খেলাৰ পূৰ্বে আৰু পাছত দুই টিমৰ মাজত কৰমৰ্দন কৰাৰ ৰীতি আছে৷ এই প্ৰসংগত সূৰ্যকুমাৰক সাংবাদিকে প্ৰশ্ন কৰোতে তেওঁ স্পষ্টকৈ কয়, ‘কিছু বিষয় খেলাৰ আবেগতকৈ ডাঙৰ৷’ তেওঁলোকৰ বক্তব্য, এই সিদ্ধান্ত কেৱল দলৰ নহয়, চৰকাৰ আৰু বৰ্ডৰ সৈতে আলোচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে৷ সূৰ্যকুমাৰে কয়, আমি ইয়াত ক্ৰিকেট খেলিবলৈ আহিছিলো৷ আৰু খেলত আমি সকলো জৱাব দিছো৷’
পুৰস্কাৰ বিতৰণী অনুষ্ঠানত নাছিল পাক অধিনায়ক ছলমান আলি আগাও৷ পাকিস্তান টীমৰ কোচ মাইক হেছনে জনাই যে ইণ্ডিয়া টিমৰ আচৰণে তেওঁলোকৰ দলৰ খেলুৱৈসকলক হতাশ কৰিছে৷ সেই কাৰণেই বিশেষ অনুষ্ঠানত উপস্থিত নহ’ল পাক অধিনায়ক৷ সূৰ্যকুমাৰে পূৰ্বেই জনাইছিল যে কাশ্মীৰৰ পহেলগাওঁ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ কাষত আছে ভাৰতীয় দলে৷ তেওঁ কয়, আমি নিহতসকলৰ পৰিয়াল আৰু সশস্ত্ৰ বাহিনীৰ প্ৰতি এই জয় উৎসৰ্গা কৰিছো৷ তেওঁলোক আমাৰ৷
উল্লেখ্য যে চলিত বছৰৰ এপ্ৰিলত পহেলগাওঁত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে ২৬গৰাকীকৈ নিৰীহ লোকে৷ অভিযোগ যে ধৰ্ম সুধি সুধি সন্ত্ৰাসবাদীয়ে গুলি কৰিছিল৷ এই ঘটনাৰ পাছতেই ভাৰতে অপাৰেছন সেন্দূৰৰ মাধ্যমেৰে পাকিস্তানক যোগ্য জৱাব দিয়ে৷ এই ঘটনাৰ পাছৰে পৰাই দুই দেশৰ সম্পৰ্ক আৰু তিক্ত হৈ পৰিছে৷
এই পৰিস্থিতিত পাকিস্তানৰ সৈতে খেলত নামিছে ভাৰতীয় ক্ৰিকেট বৰ্ড৷ এই খেলৰ বাবে বিপুলভাৱে সমালোচনা কৰা হৈছিল টিম ইণ্ডিয়াক৷ ছচিয়েল মিডিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বহুতেই এই খেল চোৱাৰ পৰাও বিৰত আছে৷ কিন্তু চৰকাৰৰ অনুমতি পোৱাৰ পাছতহে এছিয়া কাপ লোৱাৰ সিদ্ধান্ত লয় বিচিচিআইয়ে৷ বহু প্ৰাক্তন ক্ৰিকেটাৰ আৰু বিশিষ্ট ব্যক্তিয়ে মেচ বয়কটৰ বাবেও আহ্বান জনাইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















