বৃহস্পতিৰ ভাগিনী যোগসিদ্ধা আৰু অষ্টম বসু প্ৰভাসৰ পুত্ৰ বিশ্বকৰ্মা হৈছে দেৱশিল্পী, তেওঁ শ্ৰেষ্ঠ কাৰিকৰ৷ ঋগবেদ অনুসৰি বিশ্বকৰ্মা সৃষ্টিৰ দেৱতা৷ তেওঁৱেই ব্ৰহ্মাণ্ডৰ শ্ৰষ্টা বিশ্বভুৱনৰ নিৰ্মাতা৷ পৌৰাণিক কাহিনী অনুসৰি যুগে যুগে তেওঁ এটাৰ পাছত আনটো বিস্ময়কৰ স্থাপত্য নিৰ্মাণ কৰি আহিছে৷ সত্যযুগত স্বৰ্গ. ত্ৰেতাযুগত লংকা, দ্বাপৰ যুগত দ্বাৰকা আৰু কলিযুগত হস্তিনাপুৰ৷
শ্ৰীকৃষ্ণৰ বাবে দ্বাৰকা নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই৷ তেওঁ স্বৰ্গলোকো নিৰ্মাণ কৰিছিল৷ আকৌ বিশ্বকৰ্মাই লংকা নগৰীৰো নিৰ্মাণ কৰিছিল৷ শিৱ-পাৰ্বতীৰ বাবে প্ৰাসাদ গঢ়িছিল বিশ্বকৰ্মাই৷ সেই প্ৰাসাদ আছিল সোণৰ প্ৰাসাদ৷ সেই প্ৰাসাদৰ গৃহপ্ৰৱেশৰ পূজাৰ বাবে ব্ৰাহ্মণ শ্ৰেষ্ঠ পৰমভক্ত ৰাৱণক আমন্ত্ৰণ জনাইছিল শিৱই৷ পূজাৰ পাছতেই দক্ষিণা স্বৰূপে মহাদেৱৰ পৰা স্বৰ্ণলংকা বিচাৰিছিল ঋষি ৰাৱণে৷
ৰাৱণৰ হাতত বিশ্বকৰ্মাই তৈয়াৰ কৰা স্বৰ্ণলংকাৰ অধিকাৰ তুলি দিছিল শিৱই৷ তেতিয়াৰে পৰাই ৰাৱণৰ ৰাজধানী হৈ পৰিছিল স্বৰ্ণলংকা৷ আৰু এক মত অনুসৰি বিশ্বকৰ্মাই সোণৰ লংকা বনাইছিল কুবেৰৰ বাবে, যি ৰাবণে কুবেৰক হৰুৱাই দখল কৰি লয়৷ ঋষি অগস্ত্যৰ ভৱন, কুবেৰৰ অলকাপুৰী, কৌৰৱ আৰু পাণ্ডৱৰ ৰাজধানী হস্তিনাপুৰো তেওঁৰ সৃষ্টি৷ শ্ৰীকৃষ্ণৰ অনুৰোধতেই বিশ্বকৰ্মাই পাণ্ডৱৰ বাবে তৈয়াৰ কৰিছিল ইন্দ্ৰপ্ৰস্থ৷
পুৰীৰ জগন্নাথৰ মন্দিৰ আৰু জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ মূৰ্তিও বিশ্বকৰ্মাৰ হাতেৰেই গঢ়া৷ কেৱল স্থাপত্যই নহয়, দেৱ দেৱীৰ অস্ত্ৰও নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই৷ দেৱাদিদেৱ শিৱৰ ত্ৰিশূল, ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ, দেৱৰাজ ইন্দ্ৰৰ বজ্ৰ, কুবেৰৰ অস্ত্ৰ, দেৱসেনাপতি কাৰ্তিকৰ ধনু, হনুমানৰ গদা, যমৰাজৰ কালদণ্ড, কৰ্ণৰ কবছ কুণ্ডল সকলো তেওঁৰেই সৃষ্টি৷
দেৱতাৰ বাবে আকাশী যান, উৰন্ত ৰথ, পুষ্পক ৰথ, ভূষণো বনাই দিছিল তেওঁ৷ ৰামায়ণৰ আদি কাণ্ডত আছে যে, বিশ্বকৰ্মাই আৰু এযোৰ ধনু বনাইছিল, এখন দিছিল শিৱক৷ শিৱভক্ত শ্ৰী ৰামচন্দ্ৰই শিৱৰ হৰধনু ভাঙি সীতাক বিয়া কৰাইছিল৷ আৰ্যবৰ্তৰ সমস্ত শিল্প কামতেই বিশ্বকৰ্মাৰ হাতৰ স্পৰ্শ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















