সিদ্ধান্ত প্ৰায় চূড়ান্ত৷ সোণাপূৰৰ হাতীমূৰাতেই হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া৷ মুখ্য সচিব আৰু ৰণোজ পেগুৱে ইতিমধ্যে সোণাপুৰৰ হাতীমূৰাত উপস্থিত হৈ ভূমি পৰিদৰ্শন কৰিছে৷ প্ৰশাসনে আৰম্ভও কৰিছে সমাধিস্থলীৰ কামকাজো৷
বহুসংখ্যক লোকেই অনুৰোধ জনাইছিল যে জন্মস্থান যোৰহাটতেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হওক৷ কিন্তু পৰিয়ালৰ লোকে জুবিন গাৰ্গৰ পিতৃ আৰু গৰিমা গাৰ্গৰ মাতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীৰ কাষতেই হোৱাটো বিচাৰিছে৷ শেষত পৰিয়ালৰ কথাৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে সোণাপুৰৰ হাতীমূৰাই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বাচনি কৰিছে৷
২০১১ চনৰ পাছত আজি আকৌ এবাৰ অসম স্তব্ধ হৈ পৰিছে৷ ২০১১ চনত মহাপ্ৰস্থান ঘটিছিল ভূপেন হাজৰিকাৰ৷ সেইদিনাও জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছিল৷ আৰু ১৪ বছৰৰ পাছত অৰ্থাৎ ২০২৫ চনৰ ২১ ছেপ্টেম্বৰ সাক্ষী হৈছে তেনে এক মুহূৰ্তৰ৷ ছিংগাপুৰৰ পৰা ১৯ ছেপ্টেম্বৰ ২০২৫ত এই দুঃখবৰ আহিছিল৷ জুবিন গাৰ্গ আৰু নাই৷ সেইদিনটোৰ পৰাই স্বতস্ফুতভাৱে বন্ধ হৈ পৰিছিল সকলো দোকান পোহাৰ৷ অঘোষিত এক বন্ধৰ পৰিবেশ সমগ্ৰ ৰাজ্যত৷ ২০ তাৰিখে মুখ্যমন্ত্ৰীয়ে দোকান পোহাৰ খুলিব পাৰিব বুলি কোৱাৰ পাছতো আজিও স্বতস্ফুতভাৱে বন্ধ ৰখা হৈছে সকলো দোকান বজাৰ৷ প্ৰিয় মানুহজন গুচি যোৱাৰ বেজাৰ সামৰিব পৰা নাই কোনোৱে৷
জুবিন গাৰ্গে জীৱিত কালতেই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত…সঁচায়ে জুবিন এজন মহামানৱ, জুবিন সংকীৰ্ণতাৰ পৰা সম্পূৰ্ণ মুক্ত এক সত্বা সেই কথাৰ প্ৰমাণ দিছে তেওঁৰ নশ্বৰ দেহ কঢ়িয়াই আনিবলৈ ৰাজপথত ৰৈ থকা জনতা৷ কি জাতি, কি ধৰ্ম কোনেও জানিব খোজা নাই, জুবিন সকলোৰে, জুবিনক সকলোৱে ক’ব পাৰে জুবিন দা আমাৰ৷ আজি জুবিনে গীত গোৱা নাই, আজি গীত গাইছে জনতাই৷ জুবিনে কৰা অনুৰোধ ৰক্ষা কৰি সকলোৱে আজি সমস্বৰে গাইছে- নিজানৰ গান মোৰ শেষ হ’ব ভাৱো তোমাৰ বুকুত…
কাহিলীপাৰাত জুবিনৰ বাবে সাজু কৰি ৰখা হৈছে পুষ্পসজ্জিত বিচনা৷ সকলো থাকিও জুবিনে কেতিয়াবা যদি ছোফাত নিশা কটাইছিল, কেতিয়াবা মজিয়াতেই নিশা কটাই ভালপাইছিল৷ কিন্তু আজি জনতাই খেয়ালী জুবিনৰ কথা মানিব খোজা নাই৷ ধুমুহাৰ সতে বহু খেলিলে, অসমবাসীক বহু দিলে আজি আৰু জুবিন এনেকৈ থাকিব নোৱাৰে, জুবিন শুব ফুলেৰে সজাই ৰখা বিচনাখনত৷ কাহিলীপাৰৰ ঘৰত সজাই থোৱা পুষ্পসজ্জিত বিচনাৰ পৰা জুবিনক পুষ্পসজ্জিত বাহনেৰে আলফুলে লৈ যোৱা হ’ব সৰুসজাইত সাজু কৰি ৰখা আনখন পুষ্পসজ্জিত বিচনালৈ৷ তাতেই জুবিন শুই থাকিব, জুবিনক শেষবাৰৰ বাবে চাই যাব লাখ লাখ অনুৰাগীয়ে৷ অনুৰাগীৰ তাতেই শেষ দেখা দিব জুবিনে৷ তাৰপৰাই জুবিনক লৈ যোৱা হ’ব সোণাপুৰলৈ৷ সোণাপুৰতেই চিৰদিনৰ বাবে পঞ্চভূতত বিলীন হ’ব আপোনাৰ, মোৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















