• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অফিচ ছিনড্ৰোম কাক বোলে? কি কি উপসৰ্গ থাকে এই সমস্যাৰ? কেনেকৈ মুক্তি পাব?

অফিচ ছিনড্ৰোম কাক বোলে? কি কি উপসৰ্গ থাকে এই সমস্যাৰ? কেনেকৈ মুক্তি পাব?

9 months ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

10 minutes ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

1 hour ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

10 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

10 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

11 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

11 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

14 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

14 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

16 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

16 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

16 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অফিচ ছিনড্ৰোম কাক বোলে? কি কি উপসৰ্গ থাকে এই সমস্যাৰ? কেনেকৈ মুক্তি পাব?

অফিচ ছিনড্ৰোম কাক বোলে? কি কি উপসৰ্গ থাকে এই সমস্যাৰ? কেনেকৈ মুক্তি পাব?

editor by editor
September 25, 2025
in জীৱনশৈলী
0
অফিচ ছিনড্ৰোম কাক বোলে? কি কি উপসৰ্গ থাকে এই সমস্যাৰ? কেনেকৈ মুক্তি পাব?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত কম্পিউটাৰত কাম কৰে৷৷ আধুনিক কৰ্পৰেট জীৱনত এই ছবি প্ৰায় সকলোৰে চিনাকি৷ ডিঙি, পিঠি বা কঁকালৰ বিষ সেয়ে প্ৰায় প্ৰতিগৰাকী অফিচকৰ্মীৰেই এতিয়া দৈনন্দিন সংগী হৈ উঠিছে৷ বহুতেই এই ধৰণৰ বিষক সামান্য ক্লান্তি বা কামৰ চাপ বুলি অৱহেলা কৰে৷ কিন্তু চিকিৎসকে জনাইছে যে এই উপসৰ্গসমূহ প্ৰকৃততে এক গুৰুতৰ সমস্যাৰ সংকেত৷ এই সংকেতৰ নাম হৈছে অফিচ চিনড্ৰোম৷ বিশেষকৈ কভিড পৰবৰ্তী সময়ত ৱাৰ্ক ফ্ৰম হোম সংস্কৃতিত ঘৰত সঠিক পৰিকাঠামোৰ অভাৱত এই সমস্যা আৰু বৃদ্ধি পাইছে৷

অফিচ ছিনড্ৰোম প্ৰকৃততে কি?

ই এক নিৰ্দিষ্ট ৰোগ নহয়৷ বৰং দীৰ্ঘক্ষণ ধৰি অস্বাস্থ্যকৰ ভংগীত বহি কাম কৰাৰ ফলত তৈয়াৰ হোৱা একাধিক শাৰীৰিক সমস্যাৰ এক সমষ্টিহে৷ মূলত পেশী আৰু স্নায়ুতন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ ঘণ্টাৰ পাছত ঘণ্টা চকীত বহি কম্পিউটাৰৰ ফালে হালি কাম কৰাৰ ফলত শৰীৰৰ বিভিন্ন পেশী বা অনমনীয় হৈ যায় আৰু মেৰুদণ্ডৰ ওপৰতো অস্বাভাৱিক চাপ সৃষ্টি হয়৷ ইয়াৰ পৰাই জন্ম হয় একাধিক সমস্যাৰ৷

ইয়াৰ প্ৰধান লক্ষণসমূহ কি কি?

অফিচ ছিনড্ৰোমৰ লক্ষণসমূহ ব্যক্তিভেদে ভিন্ন হব পাৰে৷ কেইটামান সাধাৰণ উপসৰ্গ প্ৰায় সকলোৰে মাজত দেখা যায়৷

ডিঙি, কান্ধ, আৰু পিঠিৰ বিষঃ ই সকলোতকৈ সাধাৰণ লক্ষণ৷ বহু সময়ত এই বিষ কান্ধৰ পৰা বাহু পৰ্যন্তও বিয়পি পৰে৷

মূৰৰ বিষঃ স্ক্ৰিণৰ দিশলৈ চাই থকাৰ ফলত চকুত চাপ পৰে আৰু ডিঙিৰ পেশীয়ে কষ্ট পায় ফলত মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যাই দেখা দিব পাৰে৷

কঁকালৰ বিষঃ দীৰ্ঘক্ষণ ভুল ভংগীত বহি থকাৰ ফলত কঁকালৰ তলৰ অংশত প্ৰচণ্ড বিষ হব পাৰে৷

আঙুলিৰ বিষঃ একেৰাহে কি বোৰ্ড আৰু মাউছ ব্যৱহাৰৰ ফলত কাৰপাল টানেল চিনড্ৰোমৰ দৰে সমস্যাই দেখা দিব পাৰে৷

চকুৰ সমস্যাঃ চকু জ্বলাপোৰা কৰা, চকুৰে পানী ওলোৱা বা চকু শুকাই যোৱাৰ দৰে উপসৰ্গও ইয়াৰ অন্তৰ্ভুক্ত৷

হাত-ভৰি ঝিনঝিননিঃ বহু সময়ত স্নায়ুৰ ওপৰত চাপ পৰাৰ কাৰণে হাত বা ভৰি অৱশ বোধ বা ঝিনঝিননি হব পাৰে৷

কিয় হয় এই সমস্যা?

ইয়াৰ আঁৰত প্ৰধানত চাৰিটা কাৰণ দায়ী৷ প্ৰথমতে ভুল শাৰীৰিক ভংগী৷ বিশেষকৈ কম্পিউটাৰৰ দিশে আওঁজি কাম কৰাৰ কাৰণে টেক নেক তৈয়াৰ হয়৷ যিয়ে ডিঙিৰ শিৰাৰ ওপৰত মাৰাত্মক চাপ সৃষ্টি কৰে৷ দ্বিতীয়তে দীৰ্ঘক্ষণ গতিহীন থকাৰ ফলত ৰক্ত সঞ্চালন ব্যাহত হয় আৰু পেশী সংকুচিত হয়৷ তৃতীয়তে চকী আৰু ডেস্কৰ উচ্চতা সঠিক নথকা৷ চতুৰ্থতে মানসিক চাপ, যিয়ে আমাৰ ডিঙি আৰু কান্ধৰ পেশীসমূহক টান কৰি তোলে আৰু বিষ বঢ়ায়৷

প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ উপায়

বিশেষজ্ঞসকলৰ মতে, জীৱনশৈলীত সামান্য কিছু পৰিবৰ্তন আনিলেই এই সমস্যৰ পৰা মুক্তি পোৱা সম্ভৱ৷

সঠিক ভংগীত বহাঃ চকীত বহাৰ সময়ত ককাল পোনাই বহক৷ কম্পিউটাৰ মনিটৰ যেন চকুৰ পৰা বেছি ওপৰত নাথাকে, এনেকৈ ৰাখক যাতে ডিঙি ওপৰলৈ উঠাই আপুনি মনিটৰ চাব নালাগে৷ ভৰি দুখন মাটিত সমানভাৱে ৰাখক৷

নিয়মিত বিৰতিঃ প্ৰতি এঘণ্টাৰ অন্তৰে অন্তৰে পাঁচ মিনিটৰ বাবে চকীৰ পৰা উঠি খোজ কাঢ়ক৷ চকুৰ আৰামৰ বাবে ২০-২০-২০ নিয়ম মানি চলক৷ অৰ্থাৎ প্ৰতি ২০ মিনিট অন্তৰে অন্তৰে স্ক্ৰিণৰ পৰা চকু আঁতৰাই ২০ ফুট দূৰৈৰ কোনো বস্তুৰ দিশে কমেও ২০ ছেকেণ্ড চাওক৷

সাধাৰণ ব্যায়ামঃ কামৰ মাজত ডিঙি বা কান্ধ ঘুৰোৱাৰ দৰে পাতল ব্যায়াম কৰক৷ হাত আৰু ভৰিৰ পতা ঘুৰোৱা বা সহজ ষ্ট্ৰেছিঙে পেশীক ভালে ৰখাত সহায় কৰে৷

কামৰ বাহিৰৰ জীৱনশৈলীঃ সপ্তাহত অন্তত তিনিৰ পৰা চাৰিদিন পাতল ব্যায়াম, যোগাসন বা সাঁতোৰৰ অভ্যাস কৰক৷ ই পেশীক সচল আৰু শক্তিশালী ৰখাত সহায় কৰে৷ পৰ্যাপ্ত টোপনি আৰু প্ৰদাহনাশক খাদ্য যেনে ফল আৰু পাচলি খাদ্যতালিকাত যোগ কৰক৷

বিশেষজ্ঞৰ সাহায্য লওকঃ বিষ যদি দীৰ্ঘস্থায়ী হয় বা সহ্যৰ বাহিৰলৈ যায় তেতিয়া অৱহেলা নকৰি ফিজিঅ’থেৰাপিষ্ট বা অস্থিৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক৷

প্ৰযুক্তিয়ে আমাৰ জীৱনক সহজ কৰিছে ঠিকেই, কিন্তু তাৰ সৈতে আহিছে নতুন কিছু স্বাস্থ্যগত চেলেঞ্জো৷ এই অফিচ চিনড্ৰোম তাৰেই অন্যতম উদাহৰণ৷ সেয়ে শৰীৰৰ সৰু সৰু সংকেতক অৱহেলা নকৰি, সচেতন হোৱাই বুদ্ধিমানৰ কাম, নহ’লে এই সমস্যা ভৱিষ্যতে ডাঙৰ কোনো ৰোগৰ কাৰণ হৈ উঠিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
Next Post
পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?

কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.