অসমবাসীলৈ জুবিন গাৰ্গৰ শেষৰখন চিঠি৷ আৰু কাহানিও কোনো চিঠি নিলিখে জুবিন গাৰ্গে৷ কাহানিও চিঞৰি নকয় অসমীয়া চিনেমা চাব লাগিব৷ মই আৰু চিনেমা কৰিম৷ শেষ আহ্বান, শেষ অনুৰোধ এয়াই আছিল জুবিনৰ৷ জুবিন গাৰ্গে লিখিছিল- ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা৷ চাবলে আহিবা৷ মৰম…জুবিন দা৷
চিনেমাখন চাবৰ বাবে শেষবাৰৰ বাবে এই টোকাই লিখিছিল জুবিনে৷ নিজ হাতেৰে লিখা এই টোকা চিনেমাখন মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ ফেছবুক একাউণ্টৰ পৰা আপলোড কৰা হৈছে৷ জুবিন গাৰ্গৰ শেষ অনুৰোধক হয়তো কোনো এজন অসমীয়াই উপেক্ষা নকৰে৷ উপেক্ষা নকৰে অসমৰ বাহিৰত থকা কোনো এজন প্ৰবাসী অসমীয়াইয়ো৷ ইতিমধ্যেই অসমৰ বিভিন্ন ছবিগৃহত ছবিখন চাবৰ বাবে টিকট বুকিঙৰ শ্লট মুকলি হৈছিল৷ অনলাইন অফলাইন শ্লটত প্ৰায় ৪ নৱেম্বৰলৈকে সকলোবোৰ চিনেমাহলেই বুক হৈ পৰিছে৷
হাৰ্টথ্ৰ’বৰ শেষ ছবি, কেনেকৈ নোচোৱাকৈ থাকিব অসমবাসীয়ে৷ কায়িকভাৱে জুবিন গাৰ্গে আহি এই ছবি আৰু নেদেখে৷ নুশুনে অসমবাসীয়ে তেওঁৰ চিনেমা চাই দিয়া ৰিভিউ৷ ছবিখন ছুপাৰহীট হবনে নহয় সেয়াও জুবিন গাৰ্গে নাজানিব৷ কিন্তু তেওঁৰ সপোনৰ ছবিক ছুপাৰহীট কৰাৰ দায়িত্ব নিজেই কান্ধ পাতি লৈছে প্ৰতিজন অসমীয়াই৷ কাৰণ জুবিন গাৰ্গে অসমীয়া ছবিজগতক ন প্ৰাণ দিবলৈকে গানৰ জগতৰ পৰা ছবিৰ জগতলৈ আহি কৰিব পৰা সকলোখিনিয়েই কৰি গৈছে৷ অসমীয়া চিনেমাজগতে ছন্দ হেৰুৱাই দিয়াৰ সময়ত জুবিন গাৰ্গেই সাহস হৈ থিয় দিছিল প্ৰতিজন চিনেমা উদ্যোক্তাৰ কাষত৷ কোনেও কৰিব নোৱৰা সাহস জুবিন গাৰ্গেই কৰিছিল৷ অসমীয়া চিনেমা কিয় চাব বুলি কোৱাৰ সময়তে জুবিন গাৰ্গে অসমবাসীৰ বাবে মুকলি কৰি দিছিল ‘মিছন চাইনা’ৰ দৰে বিগ বাজেটৰ ছবি৷ মিছন চাইনাই নহয় তাৰপিছতেই কাঞ্চনজংঘা৷ জুবিন গাৰ্গৰ সাহসতেই আকৌ জীয়াই উঠিছিল মৰিব ধৰা বহু চিনেমাহল৷ জুবিন গাৰ্গৰ সাহসতেই জীয়াই উঠিছিল অসমীয়া চিনেমাৰ প্ৰযোজক, অভিনেতা সকলো৷ আকৌ ন প্ৰাণ ঘূৰি আহিছিল অসমীয়া চিনেমা জগতলৈ৷ আৰু শেষৰ সময়তো জুবিন গাৰ্গে অসমীয়াক দি গ’ল তেওঁৰ সপোনৰ ছবিখন৷
কায়িকভাৱে নাথাকিলেও আকৌ এবাৰ জুবিন গাৰ্গক চিনেমাত জীৱন্ত ৰূপত দেখিব অসমীয়াই৷ হয়তো আবেগে জোকাৰি যাব সকলোকে কিন্তু জুবিন গাৰ্গৰ এই সপোনক জানো নোচোৱাকৈ থাকিব! কাইলৈ পুৱা ৪ বাজি ৩০ মিনিটত ধেমাজী হলত চলিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী৷ ঠিক তেনেদৰে অসমৰ বিভিন্ন চিনেমাহলত পুৱাৰে পৰাই চলিব ছবিখন৷ ইতিমধ্যেই চিনেমা বিশেষজ্ঞসকলে জনাইছে যে ৰৈ ৰৈ বিনালে ছবিখনে অসমৰ চিনেমা জগতৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব৷ প্ৰথম দিনটোতেই বাণিজ্যিকভাৱেও ছবিখন খুবেই সফল হ’ব বুলিও আশা কৰিছে বাণিজ্য বিশেষজ্ঞসকলে৷ বাণিজ্য বিশেষজ্ঞৰ মত যে প্ৰথম দিনটোতেই ছবিখনে ১০০ কোটি উপাৰ্জন কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















