সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে৷ অসমৰ প্ৰায় প্ৰতিটো হলতেই পুৱাৰে পৰাই হাউছফুল হৈ আছে জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে৷ সমগ্ৰ ভাৰতৰ ৩০ খন চহৰত আজি মুক্তি পাইছে জুবিন গাৰ্গৰ সপোনৰ চিনেমাখনে৷ জুবিন গাৰ্গে কৈছিল এই কাহিনী তেওঁ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰিছিল৷ জুবিন গাৰ্গে বুকুত কঢ়িয়াই ফুৰা এই সপোনটো আজি উজলি উঠিছে৷ এই সপোনৰ সাকাৰ ৰূপ চাবলৈ কেৱল আজি কায়িকভাৱে জুবিন নাই৷ এই দুখে দহিছে প্ৰতিজন অসমীয়াক৷ প্ৰিয় জুবিনক আকৌ এবাৰ জীৱন্ত ৰূপত দেখি কান্দোনেৰে বাট নেদেখা হৈছে অসমীয়াই৷ দেশজুৰি আলোড়ন সৃষ্টি কৰিছে চিনেমাখনে৷ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ বাবেই আজি অসমত বন্ধ হৈ পৰিছে বলীউডৰ চিনেমা৷ কোনো এখন হলতেই আজি নাই অন্য চিনেমা৷ সকলোতে কেৱল হাৰ্টথ্ৰ’ব জুবিনৰ ৰৈ ৰৈ বিনালে৷
ছবিখনৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসমত বন্ধ হ’ব ধৰা কেইবাখনো চিনেমাহল আকৌ মুকলি কৰা হৈছে৷ পুৱা ৪.২৫ মিনিটৰ পৰা আৰম্ভ হৈছে প্ৰথম দৰ্শনী৷ মেট্ৰিক্স চিনেমাজত পুৱা ৪.২৫ মিনিটত প্ৰথম দৰ্শনী মুকলি কৰি ভাৰতৰ ভিতৰতে ৰেকৰ্ডো গঢ়িবলৈ সক্ষম হৈছে৷ এয়া কেৱল জুবিন গাৰ্গৰ বাবেই সম্ভৱ৷ ছবিৰ বাবেই আজি পুৱতি নিশাই সাৰ পাইছে প্ৰতিজন অসমীয়া৷ জুবিন গাৰ্গৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা আজি অসমবাসীয়ে বিশ্বক দেখুৱাইছে৷ কেনেকৈ প্ৰাণৰ জুবিনক অসমীয়াই জীয়াই ৰাখিছে হৃদয়ত সেই কথাও আজি বিশ্বই আকৌ এবাৰ দেখিছে৷ জুবিনৰ শেষযাত্ৰাত হোৱা জনসমাগমৰ পাছত আন এক ৰেকৰ্ড গঢ়িছে অসমে৷ কাহানিও নোহোৱা নোপোজা ঘটনা বুলিলেও এয়া ভুল নহয়৷ কাৰণ অসমীয়া চিনেমাৰ এই উত্তৰণমুখী যাত্ৰাত জুবিন গাৰ্গে কায়িকভাৱে নাথাকিলেও যে বিশ্বৰ সন্মুখত এখন প্ৰান্তীয় ৰাজ্যৰ শক্তি দেখুৱাই গৈছে সেয়া প্ৰতিজন লোকেই মনত ৰাখিব৷
ইফালে জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধা জনাই অসম চৰকাৰেও ঘোষণা কৰিছে ছবিখনৰ জিএছটিৰ টকা অসম চৰকাৰে গ্ৰহণ নকৰে৷ সেই ধন জুবিন গাৰ্গে খোলা বিশেষ এন জি অ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনক দি দিয়া হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















