মদিনাৰ কাষত উমৰাহ যাত্ৰীবাহী এখন বাছৰ সৈতে এখন ডিজেল টেংকাৰৰ সংঘৰ্ষত কমেও ৪৫ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে৷ ছৌদি আৰবৰ স্থানীয় সংবাদমাধ্যমৰ খবৰত কোৱা হৈছে যে নিহতসকলৰ মাজত প্ৰায় ৪২ জনেই ভাৰতীয় নাগৰিক৷ সংঘৰ্ষত প্ৰাণ ৰক্ষা পৰিছে কেৱল মাত্ৰ এজন যাত্ৰীৰহে৷ তেওঁৱো ভাৰতীয় লোকেই৷ হায়দৰাবাদৰ বাসিন্দা এই যুৱকৰ নাম হৈছে মহম্মদ আব্দুল শ্বোয়েব৷ অলৌকিকভাৱে তেওঁ জীৱিত থকাৰ খবৰ প্ৰকাশ পাইছে কেইবাটাও আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷
সূত্ৰৰ খবৰ অনুসৰি মক্কাৰ পৰা মদিনালৈ যোৱাৰ পথত বাছখনে এখন ডিজেলভৰ্তি টেংকাৰত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো ঘটে৷ সেই সময়ত ছোৱেইব বাছ চালকৰ ঠিক কাষৰ আসনখনত বহি আছিল৷ হায়দৰাবাদৰ বাসিন্দা ছোৱেইবক হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে এতিয়াও কোনো স্পষ্ট খবৰ জানিব পৰা হোৱা নাই৷ প্রাথমিক অনুমানমতে বাছখনত মুঠ ৪৬গৰাকী যাত্ৰী আছিল৷ ভাৰতীয় সময় অনুসৰি বিগত নিশা প্ৰায় ডেৰ বজাত এই দুৰ্ঘটনা সংঘটিত হৈছে৷
ভাৰতীয় দূতাবাসে ইতিমধ্যেই এটা কন্ট্ৰল ৰুমো খুলিছে৷ আহতসকলক সহায়ৰ হাত আগবঢ়াই দিছে তেওঁলোকে৷ ৰাছিয়া যাত্ৰাত থকা ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে এই দুৰ্ঘটনা প্ৰসংগত গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁ জনাইছে যে ৰিয়াধৰ ভাৰতীয় দূতাবাস আৰু জেদ্দাৰ কনছুলেট আক্ৰান্ত ভাৰতীয়সকলক সকলোধৰণৰ সহযোগিতা প্ৰদান কৰা হ’ব৷ জয়শংকৰে কয়, ‘নিহতসকলৰ পৰিয়ালৰ প্ৰতি আমি গভীৰ সমবেদনা জনাইছো৷ আহতসকলৰ দ্ৰুত সুস্থতা কামনা কৰিছো৷’
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভন্ত ৰেড্ডিয়েও দুৰ্ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰাথমিক তথ্য পোৱাৰ পাছতেই তেওঁ মুখ্যসচিব আৰু ডাইৰেক্টৰ জেনাৰেল অফ পুলিছক ৰিপৰ্ট দিয়াৰো নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী দপ্তৰে জনাইছে যে ৰেড্ডিয়ে বিদেশ মন্ত্ৰণালয় আৰু ছৌদিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি দ্ৰুত প্ৰয়োজনীয় সহায় আগবঢ়াইছে৷
মুখ্যমন্ত্ৰীৰ এক্স হেণ্ডেলত দিয়া পোষ্টত লিখা হৈছে এনেদৰে- মুখ্যসচিব কে ৰামকৃষ্ণ ৰাওৱে দিল্লীত সমন্বয় সচিব গৌৰৱ উপ্পলৰ সৈতে কথা পাতিছে৷ সকলো প্ৰয়োজনীয় নিৰ্দেশো দিয়া হৈছে৷
গাল্ফ নিউজৰ প্ৰতিবেদন অনুসৰি, সংঘৰ্ষৰ পাছতেই বাছখন জুইয়ে আৱৰি ধৰে৷ সেই সময়ত প্ৰায় সকলো যাত্ৰীয়েই টোপনিত আছিল৷ ফলত পলোৱাৰো সুযোগ তেওঁলোকে নাপালে৷ ছৌদিৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি নিহতসকলৰ মাজত কমেও ১১গৰাকী মহিলা আৰু ১০টা শিশু আছে৷
উদ্ধাৰকাৰী দলে জনাইছে যে, বাছখন সম্পূৰ্ণৰূপে জ্বলি গৈছে৷ যাৰ ফলত নিহতসকলক চিনাক্ত কৰা অত্যন্ত কঠিন হৈ পৰিছে৷ ছৌদি বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে৷ এক্স বাৰ্তাত তেওঁ লিখিছে, ‘মদিনাৰ দুৰ্ঘটনা আৰু ভাৰতীয় নাগৰিকসকলৰ মৃত্যুৰ ঘটনাত গভীৰভাৱে শোকাহত৷ আমি প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহক সমবেদনা জনাইছো৷ আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷ ৰিয়াদত আমাৰ দূতাবাস আৰু জেড্ডাৰ কনছুলেট সম্ভাব্য সকলো সহায়তা প্ৰদান কৰিছো৷ আমাৰ অধিকাৰীসকলে ছৌদি আৰৱ কৰ্তৃপক্ষৰ সৈতেও ঘনিষ্ঠ যোগাযোগ ৰাখিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















