SIP ৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ বাঢ়িছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতিমাহে SIPত বিনিয়োগ কৰিছে৷ মিউচুৱেল ফাণ্ডৰ বজাৰৰ সৈতে যুক্ত সেয়ে নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত কেইবাবছৰৰ পৰিসংখ্যৰ পৰা দেখা গৈছে যে এছ আই পিত গড়ে ১২ শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগকাৰীয়ে৷
অধিকাংশ ইকুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পাবই বুলি আশা কৰিব নোৱাৰি৷ কিন্তু বিগত কেইবাবছৰত বহু মিউছুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিয়া হৈছে৷এছ আই পিৰ মাধ্যমেৰে বজাৰৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰা হয়৷ সেয়ে বজাৰৰ সময় নিৰ্ধাৰণৰ প্ৰয়োজন নহয়৷ সৰ্বোচ্চ সুবিধা পাবলৈ বজাৰৰ পৰিস্থিতি সম্পৰ্কে সচেতন থকা উচিত আৰু সঠিক সময়ত বিনিয়োগ কৰা উচিত৷
ৰিটাৰ্ণৰ দিশৰ পৰা কোনটো ভাল?
মাহিলী কিস্তি হওক বা এককালীন এই দুই বিনিয়োগ কৌশলৰ সুবিধা আৰু অসুবিধা দুয়োটাই আছে৷ কোনটো উপযুক্ত সেয়া নিৰ্ভৰ কৰে বিনিয়োগকাৰীসকলৰ ওপৰত৷ এছ আই পি এজন দৰমহাভোগী ব্যক্তিৰ বাবে নিয়মিত বিৰতিত বিনিয়োগ কৰাৰ এক উল্লেখনীয় বিকল্প৷ য’ত , Lump Sum অৰ্থাৎ এককালীন বিনিয়োগকাৰীসকলে মুঠ অংকৰ ওপৰত দীৰ্ঘ সময় ধৰি চক্ৰবৃদ্ধি সুদ অৰ্জন কৰে৷
উদাহৰণঃ
১৫ বছৰ ধৰি মাহিলী ১০,০০০ টকাকৈ SIP আৰু ৩লাখ টকাৰ এককালীন বিনিয়োগৰ হিচাপ ধৰা হ’ল বাৰ্ষিক ১২শতাংশ ৰিটাৰ্ণত
মাহিলী SIP- ১০,০০০ টকা
ম্যাদঃ ১৫ বছৰ অৰ্থাৎ ১৮০ মাহ
প্ৰত্যাশিত ৰিটাৰ্ণঃ ১২ শতাংশ বাৰ্ষিক প্ৰতিমাহে ১শতাংশ
মুঠ বিনিয়োগঃ ১০,০০০ টকা × ১৮০= ১৮,০০,০০০ টকা
SIP ৰ ভৱিষ্যৎ মূল্যঃ ৫০,৪৫,৭৬০ টকা
মুঠ আৰ্জিত ৰিটাৰ্ণঃ ৫০,৪৫,৭৬০ – ১৮,০০,০০০ = ৩২,৪৫,৭৬০ টকা
এককালীন বিনিয়োগঃ ৩,০০,০০০ টকা
প্ৰত্যাশিত ৰিটাৰ্ণঃ বাৰ্ষিক ১২%
ম্যাদঃ ১৫ বছৰ
এককালীন ভৱিষ্যৎ মূল্যঃ ১৬,৪২,০৭০টকা
মুঠ আৰ্জিত ৰিটাৰ্ণঃ ১৬,৪২,০৭০ – ৩,০০,০০০ = ১৩,৪২,০৭০টকা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ