কাইলৈ ২২ নৱেম্বৰ ২০২৫ শনিবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ আঘোণ মাহৰ শুক্লা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সুকৰ্ম যোগ আৰু ধৃতি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ২২ নৱেম্বৰত লাভজনক দিন হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ নিজৰ খৰচৰ কিছু টকা আপোনাৰ হাতত জমা হ’ব৷ কেন্দ্ৰ ত্ৰিকোণ যোগৰ শুভ প্ৰভাৱত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমাণে বাঢ়িব৷ কাইলৈ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তীয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে আপুনি৷ নিজৰ জীৱনত কিছু পজিটিভ পৰিবৰ্তন দেখা পাব পাৰে মেষ ৰাশিৰ জাতকে৷
মিথুন ৰাশি
কাইলৈ সুকৰ্ম যোগৰ শুভ প্রভাৱ থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামত কাইলৈ আপোনাৰ উৎসাহ বাঢ়িব৷ আপুনি লোৱা সিদ্ধান্ত লাভজনক হব৷ কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ সিংহ ৰাশিৰ জাতকৰ জীৱনসংগীৰ সৈতে কোনো ভুল বুজাবুজি চলিলে কাইলৈ দূৰ হ’ব৷
সিংহ ৰাশি
কাইলৈ ২২ নৱেম্বৰ শনিবাৰৰ দিনটো সিংহ ৰাশিৰ জাতকৰ বাবে দিনটো লাভজনক হ’ব৷ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ নিজৰ ৰৈ থকা কাম কাইলৈ সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বে কৰা কোনো বিনিয়োগৰ পৰা কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব৷ ইয়াৰ ফলত সিংহ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থা বহু পৰিমাণে উন্নত হ’ব৷
তুলা ৰাশি
কাইলৈ কেন্দ্ৰ ত্ৰিকোণ যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সকলো প্ৰয়োজন দূৰ কৰিবলৈ সক্ষম হব তুলা ৰাশিৰ জাতক৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰি থাকিলে কাইলৈ তাৰপৰা আৰ্থিকভাৱে লাভৱান হব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ যি সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি জুৰুলা কৰি ৰাখিছিল সেই সমস্যা সমাধান হব৷ কাইলৈ কোনো অতিৰিক্ত দায়িত্ব পাব পাৰে৷
ধনু ৰাশি
কাইলৈ ২২ নৱেম্বৰ ২০২৩ত সুকৰ্ম যোগৰ প্ৰভাৱত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব৷ হঠাৎ কিছু ধন আপোনাৰ হাতলৈ আহিব পাৰে৷ সমাজসেৱামূলক কাম কৰাৰ ফলত সমাজত সন্মান বৃদ্ধি পাব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি বহুপৰিমাণে উন্নত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















