‘অসম লাইভ 24’-এ ছপা মাধ্যমত খোজ দিয়াৰ মানসেৰে অধ্যক্ষ নৃপেন দাসে আৰম্ভ কৰা ‘সমীক্ষণ’ আলোচনীৰ নতুন যাত্ৰাই এঘাৰটা মাহ সম্পূৰ্ণ কৰিলে৷ যোৱা ২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘অসম বিভূষণ’ বঁটা প্ৰদান অনুষ্ঠানতে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উন্মোচন কৰা সমাজ-ৰাজনীতিৰ এই মাহেকীয়া আলোচনীখনিক ৰাজ্যৰ ৰুচিশীল পঢ়ুৱৈয়ে আদৰি লোৱাটো ছপা মাধ্যমৰ বাবেও উৎসাহজনক দিশ বুলি বিবেচিত হৈছে৷ এবছৰ হোৱাৰ পূৰ্বেই ‘সমীক্ষণ’ৰ প্ৰতি বিভিন্ন ক্ষেত্ৰৰ পঢ়ুৱৈৰ সমাদৰ নিসন্দেহে আশাৰ বতৰা৷ দিগন্ত ওজাৰ মুখ্য সম্পাদনাৰে প্ৰকাশিত আলোচনীখনিত সাম্প্ৰতিক ঘটনা প্ৰবাহৰ লগতে ৰাজনীতি, বিজ্ঞান, সাহিত্য, অৰ্থনীতি, দৰ্শন, বুৰঞ্জী আদি বিষয়ক মননশীল প্ৰবন্ধ প্ৰতি সংখ্যাতে নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ কেইবাগৰাকী সাহিত্য অকাডেমী বঁটা প্ৰাপককে ধৰি ৰাজ্যৰ বিদ্বৎ সমাজৰ অগ্ৰণী ব্যক্তিৰ চিন্তা উদ্ৰেককাৰী লেখা ‘সমীক্ষণ’ত প্ৰকাশ পাইছে৷ আৰম্ভণিৰেপৰা নাটক, চিত্ৰকলা আদি শিতানতো এই আলোচনীয়ে গুৰুত্ব দিছে৷ জুবিন গাৰ্গৰ প্ৰয়াণৰ ঠিক পাছতে ‘সমীক্ষণ’ৰ অক্টোবৰ সংখ্যাটো শিল্পীগৰাকীৰ মূল্যায়ণৰে ‘অ-মৃত সংগীতসূৰ্য’ শীৰ্ষকেৰে বিশেষ সংখ্যাৰূপে প্ৰকাশ পাইছিল—পৰৱৰ্তী নৱেম্বৰ সংখ্যাটোও শিল্পীগৰাকীৰ স্মৃতিৰে প্ৰকাশ পাইছিল৷ এই দুয়োটা সংখ্যাই বিপণি গৈ পোৱাৰ লগে লগে বিক্ৰী হৈ যায়৷ বিগত এঘাৰ মাহত ‘সমীক্ষণ’ৰ আন কেইটিমান বিশেষ সংখ্যাৰ ভিতৰত আছে ‘কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যৎ’, ‘পেহেলগামৰ শেষ ক’ত?’, ‘আহি আছে হাগ্ৰামা মহিলাৰী’, ‘সংগঠিত হিমন্ত বিশ্ব বনাম একাকী গৌৰৱ’ আদি৷ অহা জানুৱাৰীত নতুন যাত্ৰাৰ বৰ্ষপূৰ্তিৰ পাছতে এই ৰঙিন আলোচনীখনিয়ে কিছু নতুন পৰিকল্পনাৰে খোজ দিয়াৰ কথা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















