আজি ৩০ ডিচেম্বৰ ২০২৫ মঙলবাৰে চন্দ্ৰই মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে আজি পুহৰ শুক্লা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব সিদ্ধি যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি আছে ভৰণী নক্ষত্ৰ আৰু কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হৈছে৷ হিন্দুধৰ্মত মঙ্গলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
আজি ২০২৫ চনৰ শেষ মঙলবাৰে সিদ্ধি যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ হনুমানৰ দয়াত কিছু আৰ্থিক লাভ হব পাৰে আপোনাৰ৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰ পৰাও মুক্তি পাব৷ ভৰণী নক্ষত্ৰৰ প্ৰভাৱত নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাব পাৰিব৷
কন্যা ৰাশি
আজি আছে সৰ্বাৰ্থ সিদ্ধি যোগ৷ এই যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ আজি মঙলবাৰে পৰিয়াললৈ সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা ধন উভতাই পাব পাৰে৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷ বিশেষ সূত্ৰৰ পৰা অৰ্থলাভ হব পাৰে৷
তুলা ৰাশি
৩০ ডিচেম্বৰত বছৰৰ শেষ মঙলবাৰে দুৰ্দান্ত দিন কটাব তুলা ৰাশিৰ জাতকে৷ আজি সকলো কামতেই সৌভাগ্যক আপুনি কাষত পাব৷ আৰ্থিকভাৱেও বেছ কিছু উন্নতি কৰিব৷ ইয়াৰ ফলত আজি আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখৰ সময় কটাব পাৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷
বৃশ্চিক ৰাশি
মীন ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















