সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিলে তাৰ পাছৰ দিনাই আৰম্ভ হয় মাঘ মাহ৷ আজি ১৪ জানুৱাৰী দেশজুৰি পালিত হৈছে মকৰ সংক্ৰান্তি৷ কাইলৈ ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মাঘ মাহ৷ বৈদিক পঞ্জিকা অনুসৰি পুহৰ পূৰ্ণিমাৰ পাছত দিনাৰ পৰাই আৰম্ভ হ’ব মাঘ মাহ৷ এই মাহত বিষ্ণু আৰু লক্ষ্মীৰ বিশেষ আৰাধনা কৰাৰ ৰীতি প্ৰচলিত আছে৷ সূৰ্যই আজি মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ এই সময়ত শনিয়ে অৱস্থান কৰিছে মীন ৰাশিত৷ জানি থওক জ্যোতিষীৰ গণনা অনুসৰি মাঘ মাহত কোন কোন ৰাশিৰ জাতকৰ সুখ সৌভাগ্যই শিখৰত অৱস্থান কৰিব৷
মেষ ৰাশি
২০২৬ চনৰ মাঘ মাহ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত সূৰ্য আৰু মঙ্গলৰ শুভ প্ৰভাৱ মেষ ৰাশিত থাকিব৷ এই দুই গ্ৰহৰ প্ৰভাৱত আত্মবিশ্বাসেৰে তুংগত থাকিব মেষ ৰাশিৰ জাতক৷ মাঘ মাহত আপুনি যি কামতেই হাত দিব তাতেই সৌভাগ্যক নিজৰ কাষত পাব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰাৰ সুযোগ পাব৷ নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰিলে ভাল ফল পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব আৰু পুৰণি ঋণ শোধ কৰিব পাৰে৷ পৰিয়ালক নিজৰ কাষত পাব মেষ ৰাশিৰ জাতকে৷
কৰ্কট ৰাশি
মাঘ মাহত সৌভাগ্যৰ দুৱাৰ খুলিব কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ বিশেষকৈ সাংসৰিক আৰু আৰ্থিক বিষয়ত আপুনি ভাগ্যবান হব৷ কৰ্কট ৰাশিৰ জাতকৰ সংসাৰত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ আৰ্থিকভাৱেও লাভৱান হব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ কৰিব পৰিব৷ অফিচত কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ঊৰ্ধতন কৰ্তৃপক্ষই আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
বৃশ্চিক ৰাশি
মাঘ মাহত সকলো বিষয়ত লাভৱান হব বৃশ্চিক ৰাশি জাতক৷ চাকৰি আৰু ব্যৱসায়, উভয় ক্ষেত্ৰতেই বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ আপোনাৰ কামত সকলোৱে প্ৰশংসা পাব আৰু নিজৰ কামৰ ধৰণ সলনি কৰিলে লাভৱান হ’ব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱো আহিব পাৰে৷ মাঘ মাহত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আৰু যিকোনো সমস্যাৰ সৈতে সাহসেৰে মোকাবিলা কৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব আৰু আয়ৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ পুৰণি ঋণ শোধ কৰিব পাৰে৷
মীন ৰাশি
মাঘ মাহ সকলো দিশৰ পৰাই শুভ হব মীন ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰ আৰু শিক্ষাক্ষেত্ৰত লাভৱান হব৷ পৰিশ্ৰম কৰিলে তাৰ সুফল নিশ্চয় পাব৷ কোনো ডাঙৰ কামত সাফল্য পাব পাৰে মীন ৰাশিৰ জাতকে৷ কোনো নতুন কামত হাত দিয়াৰ বাবে এই সময় দুৰ্দান্ত সময়৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব আৰু সকলোৰে সৈতে খুবেই ভাল সম্পৰ্ক বজায় ৰাখিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















