গাঁৱত দুখীয়া মানুহ আৰু চহৰত ধনী মানুহে বাস কৰে৷ এয়া এক সচৰাচৰ চলি থকা ধাৰণা৷ এই ভাৱনাৰেই বহুতেই গাঁওত ধন উপাৰ্জন কৰি চহৰমুখী হোৱাৰ চেষ্টা কৰে৷ কিন্তু এই ধাৰণাক ভুল প্ৰমাণিত কৰিছে এছিয়াৰ সকলোতকৈ ধনী এই গাঁৱখনে৷ ইউৰোপ, জাপানৰ দৰেই ধনী ধনী মানুহে বাস কৰে এই গাঁৱত৷ এই গাওঁ এছিয়াৰ অন্য দেশত নহয়, ভাৰততেই আছে৷
ভাৰততেই আছে সুজলা, সুফলা শস্য শ্যামলা এই গাওঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত থকা এই বিশেষ ধনী গাওঁখনৰ নাম মাধাপুৰ৷ মনত ৰাখিব যে এই গুজৰাট কেৱল অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোদীৰ জন্মস্থানেই নহয়৷ গুজৰাটতেই জন্ম দেশৰ দুই ধনকুবেৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰো৷ ভাৰতৰ গুজৰাটক বহুতেই বনিয়াৰ ৰাজ্য বুলিও ক’ব খোজে৷ সেই গুজৰাটতেই মাধাপুৰ গাওঁৰ প্ৰায়সংখ্যক গাওঁবাসীৰ একাউণ্টে একাউণ্টে ফিক্সড হৈ আছে ৭০০০ কোটি টকা পৰ্যন্ত ফিক্সড ডিপোজিট বা স্থায়ী আমানত৷ কেনেকৈ ইমান সম্পদশালী হৈ উঠিছে গাওঁখন?
মাধাপুৰত মূলত আছে পেটেল সম্প্ৰদায়ৰ মানুহ৷ গাঁৱখনৰ জনসংখ্যা কমেও ৩২ হাজাৰ৷ তাত থকা ঘৰৰ সংখ্যা প্ৰায় ২০ হাজাৰ৷ ইয়াৰ মাজত প্ৰায় ১২০০ পৰিয়ালেই থাকে বিদেশত৷ অধিকাংশই জীৱিকাৰ সন্ধানত সুদূৰ আফ্ৰিকা মহাদেশৰ বাসিন্দা৷ চৰকাৰী তথ্যই কৈছে গুজৰাটৰ এই গাঁৱৰ সমৃদ্ধিৰ কাৰণ বিদেশৰ পৰা অহা অৰ্থ৷ পৰিয়ালৰ প্ৰৱাসী সদস্যই বিদেশৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা পঠিয়াই স্থানীয় বেংক আৰু পোষ্ট অফিচলৈ৷ সেয়ে ৩২ হাজাৰ গাওঁবাসীয় সম্পত্তি চোৱাচিতাৰ বাবেই মাধাপুৰ গাওঁত শাখা খুলিছে ৰাষ্ট্ৰায়ত্ত আৰু বেচৰকাৰী ১৭ টা বেংকে৷ সমস্ত বেংকৰ শাখাই ভালধৰণে চলি আছে৷ যিসমূহ বেংকে শাখা এতিয়াও খোলা নাই সেই বেংকসমূহেও এই গাওঁত শাখা খুলিবলৈ আগ্ৰহী৷ এখন গাওঁত শাখা খোলাৰ বাবে বেংক সাধাৰণতে আগ্ৰহী নাথাকে৷ কিন্তু বিশ্বৰ সকলোতকৈ ধনী গাওঁৰ সম্পদেই বেংকসমূহক গাওঁমুখী হ’বলৈ বাধ্য কৰাইছে৷
উল্লেখ কৰা প্ৰয়োজন যে গুজৰাটৰ পৰা বাহিৰৰ দেশলৈ যোৱাৰ প্ৰৱণতা আজিৰ নহয়৷ এই প্ৰৱণতা শতাব্দীপ্ৰাচীন৷ উনৈশ শতিকাতেই খোদ মোহনদাস কৰমচান্দ গান্ধীও আফ্ৰিকাৰ বাসিন্দা হৈছিল মূলত জীৱিকাৰ সন্ধানতেই৷ তাৰপিছতেই অৱশ্যে তেওঁ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰে৷ সেয়া অন্য এক ইতিহাস৷ মাধাপুৰৰ প্ৰাক্তন প্ৰধান পাৰুলবেনে তেওঁলোকৰ অৰ্থ সন্দৰ্ভত এক সাক্ষাৎকাৰত কৈছে, ‘আফ্ৰিকাৰ নিৰ্মাণ শিল্প মূলত গুজৰাটীসকলৰ দখলত৷ ইয়াৰোপৰি গাওঁৰ বিভিন্ন পৰিয়ালৰ বহুতেই থাকে ব্ৰিটেইন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আমেৰিকাত৷ তাত উপাৰ্জিত অৰ্থ তেওঁলোকে দেশলৈ বা নিজৰ গাঁৱলৈ পঠিয়াই দিয়ে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















