১৪ ফেব্ৰুৱাৰীত সূৰ্যই ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিছে৷ বৈদিক জ্যোতিষ অনুসৰি সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰৰ পৰিবৰ্তনৰো বিশেষ তাৎপৰ্যপূৰ্ণ৷ আগন্তুক ৬ ফেব্ৰুৱাৰীত সূৰ্যই ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ধনিষ্ঠা নক্ষত্ৰৰ অধিপতি গ্ৰহ মঙ্গল৷ অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ পৰা মঙ্গলৰ ঘৰলৈ আহিব সূৰ্য৷ উভয় গ্ৰহেই জুইৰ প্ৰতীক৷ অগ্নিচিহ্নৰ দুই গ্ৰহৰ প্ৰভাৱত সুফল পাব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰৰ কাৰণে নানান দিশৰ পৰা লাভৱান হ’ব কোন কোন?
মেষ ৰাশি
সূৰ্যৰ গোচৰৰ সুফল পাব মেষ ৰাশিৰ জাতকে৷ মঙ্গল যিহেতু মেষ ৰাশিৰ অধিপতি গ্ৰহ, আকৌ ধনিষ্ঠা নক্ষত্ৰৰো অধিপতি গ্ৰহ মঙ্গল, সেয়ে ধনিষ্ঠা নক্ষত্ৰত সূৰ্য আহিলে ভাগ্য উল্লেখযোগ্য উন্নতি কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বিকশিত হব৷ চৰকাৰী চাকৰিয়ালৰ পদোন্নতি হব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত বিশেষ লাভজনক ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ শত্ৰুক পৰাজিত কৰিব পাৰিব৷ বৃহৎ কোনো চুক্তি চূড়ান্ত কৰিব পাৰে৷ বেংক বেলেন্স বাঢ়িব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ সামাজিক প্ৰতিপত্তি বাঢ়িব৷
বৃশ্চিক ৰাশি
এই সময়ত সোণালী সময় কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ এই সময়ত আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ বিনিয়োগ কৰিলে লাভ হব৷ নতুন ঘৰ বা বাহন কিনাৰ পৰিকল্পনা সফল হব পাৰে৷ চাকৰিত পছন্দৰ স্থানলৈ ট্ৰেন্সফাৰ বা পদোন্নতি পাব পাৰে৷
ধনু ৰাশি
ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰৰ প্ৰভাৱত আৰ্থিক স্থিতিশীলতা আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ বাচন ক্ষমতাও আৰু মজবুত হব৷ আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব পাৰে৷ বিদেশ যাত্ৰা সফল হব পাৰে৷ উচ্চশিক্ষাত আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে সুখবৰ পাব পাৰে৷ অভাৱনীয় আৰ্থিক সাফল্য পোৱাৰ যোগ আছে৷
কুম্ভ ৰাশি
ধনিষ্ঠা নক্ষত্ৰ কুম্ভ ৰাশিৰ অন্তৰ্গত৷ ৬ ফেব্ৰুৱাৰীৰ পাছত কুম্ভ ৰাশিৰ জাতকৰ জীৱনলৈ বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব৷ বহু দিন ধৰি যি সমস্যাত আপুনি ভূগি আছিল তাৰপৰা মুক্তি পাব৷ উপাৰ্জনৰ নতুন পথ খুলিব কুম্ভ ৰাশিৰ জাতকৰ সন্মুখত৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ভাল হব৷ সংসাৰত সুখ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















