যিসকলে কষ্টাৰ্জিত অৰ্থ সুৰক্ষিত ৰাখিব খোজে আৰু নিৰ্দিষ্ট হাৰত ৰিটাৰ্ণো পাব খোজে তেন্তে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপজিট স্কিম এক নিৰ্ভৰযোগ্য বিকল্প হ’ব পাৰে৷ এই প্ৰকল্পটি সম্পূৰ্ণ চৰকাৰী পৃষ্টপোষকতাত পৰিচালিত, সেয়ে এই স্কিমত ধন হেৰুওৱাৰ ভয় নাই৷ বিনিয়োগকাৰীৰ ৰিটাৰ্ণো একেবাৰে সুৰক্ষিত৷
মাত্ৰ ১০০ টকাৰে আৰম্ভ কৰিব পাৰে বিনিয়োগ
পোষ্ট অফিচৰ আৰ ডিৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ইয়াত বিনিয়োগ কৰা খুবেই সহজ৷ আপুনি মাত্ৰ ১০০ টকাৰেই এটা একাউণ্ট খুলিব পাৰে৷ বিনিয়োগৰ পৰিমাণৰ কোনো ঊৰ্ধসীমা নাই৷ ফলত এই স্কিমে সকলো আয়ৰ মানুহৰ বাবেই আকৰ্ষণীয়৷ বৰ্তমান চৰকাৰে এই প্ৰকল্পত বাৰ্ষিক ৬.৭শতাংশ সুদ দিছে৷
দৈনিক অলপ সঞ্চয়েৰে গঢ়ি তোলক ডাঙৰ তহবিল
আপুনি যদি ভৱিষ্যতে ১০ লাখ টকাতকৈ বেছি সঞ্চয় কৰিব খোজে তেন্তে আপুনি বিশাল অংকৰ ধন বিনিয়োগ কৰাৰ প্ৰয়োজন নাই৷ প্ৰতিদিনে প্ৰায় ২০০ টকাকৈ সঞ্চয় কৰি আপুনি প্ৰতিমাহে ৬০০০ টকা জমা কৰিব পাৰে৷ এই পৰিমাণ যদি একেলগে ৫বছৰ জমা কৰা হয় তেতিয়া মুঠ বিনিয়োগ হব ৩.৬০ লাখ টকা৷ যি সুদসহ প্ৰায় ৪লাখ ২৮ হাজাৰ টকাত পৰিণত হব৷ ইয়াৰ পাছতো যদি আপুনি একাউণ্টটো আৰু ৫বছৰৰ বাবে বঢ়াই দিয়ে তেতিয়া প্ৰায় ১০বছৰৰ পাছত আপুনি লাভ কৰিব ১০ লাখ ২৫ হাজাৰ টকা৷
কোনে কোনে এই প্ৰকল্পৰ সুবিধা ল’ব পাৰে?
১৮ বছৰ বা তাতকৈ বেছি বয়সীয়া যিকোনো ভাৰতীয় নাগৰিকে তেওঁৰ নিকটতম পোষ্ট অফিচলৈ গৈ এই প্ৰকল্পত বিনিয়োগ কৰিব পাৰে৷ এই পৰিকল্পনাটো বিশেষকৈ তেওঁলোকৰ বাবে উপযুক্ত যিয়ে শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ পৰা আঁতৰি নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিনিয়োগ বিচাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















