বসন্ত পঞ্চমী উৎসৱক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিশেষ বুলি ধাৰণা কৰা হয়৷ বিদ্যা আৰু জ্ঞানৰ দেৱী সৰস্বতীৰ আৰাধনা কৰা হয় এইদিনটোত৷ পঞ্জিকা অনুসৰি বসন্ত পঞ্চমী ২৩ জানুৱাৰীত পালিত হ’ব আৰু বুধ গ্ৰহই এই একেই দিনটোত নক্ষত্ৰ পৰিবৰ্তন কৰিব৷
দৃক পঞ্চাঙ্গ অনুসৰি বুধ গ্ৰহই ২৩ জানুৱাৰী ২০২৬ তাৰিখে পুৱা ১০.২৭ মিনিটত শ্ৰাৱণ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বুধৰ নক্ষত্ৰ পৰিবৰ্তনৰ ওপৰিও এই দিনটোৰ পৰা দেৱগুৰু বৃহস্পতিয়ে চন্দ্ৰৰ চতুৰ্থ ঘৰ কৰ্কট ৰাশিত অৱস্থান কৰিব৷ যাৰ ফলত গজকেশৰী যোগ তৈয়াৰ হব৷ জ্যোতিষশাস্ত্ৰত গজকেশৰী যোগক অত্যন্ত শক্তিশালী যোগ হিচাপে বিবেচনা কৰা হয় যিয়ে ব্যক্তিৰ আৰ্থিক সুবিধা কঢ়িয়াই আনে৷ জানি থওক বুধৰ নক্ষত্ৰ পৰিবৰ্তন আৰু বসন্ত পঞ্চমীত গজকেশৰী যোগৰ ফলত কোন ৰাশিৰ জাতক উপকৃত হব৷
মেষ ৰাশি
বসন্ত পঞ্চমীত বুধৰ নক্ষত্ৰ পৰিবৰ্তনে মেষ ৰাশিৰ বাবে অনুকূল পৰিস্থিতি কঢ়িয়াই আনিব৷ আপোনাৰ চিন্তাভাৱনা আৰু বোধগম্যতা উন্নত হ’ব৷ সিদ্ধান্ত লোৱা সহজ হব৷ আপোনাৰ কাম বা ব্যৱসায়ত নতুন সুযোগ তৈয়াৰ হব পাৰে৷ আৰ্থিক বিষয়সমূহ লাভজনক হোৱাৰ সম্ভাৱনা আছে৷ ঘৰৰ পৰিবেশ শান্ত আৰু সহায়ক হ’ব৷ আপোনাৰ স্বাস্থ্য ঠিকে থাকিব৷ কেৱল স্বাস্থ্যকৰ ৰুটিন বজায় ৰাখক৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বসন্ত পঞ্চমীয়ে অগ্ৰগতি আৰু স্বীকৃতি কঢ়িয়াই আনিব পাৰে৷ আপোনাৰ বাবে কেৰিয়াৰত উন্নতিৰ সুযোগে অপেক্ষা কৰিছে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ আছে৷ দেৱী সৰস্বতীৰ আশীৰ্বাদত আপুনি আপোনাৰ পঢ়াশুনা, নতুন দক্ষতাত সাফল্য পাব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক দৃঢ় হব৷ মানসিকভাৱে আপুনি ইতিবাচক বোধ কৰিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে আপোনাক সমৰ্থন কৰিব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হব পাৰে৷ আৰ্থিক বিষয়সমূহত স্বস্তি আনি দিব৷ দেৱী সৰস্বতীৰ আশীৰ্বাদত নতুন প্ৰচেষ্টা সফল হব৷ ঘৰত শান্তি আৰু সুখে বিৰাজ কৰিব৷ স্বাস্থ্য স্বাভাৱিক থাকিব৷ অপ্ৰয়োজনীয় চাপ এৰাই চলক৷
মীন ৰাশি
বুধৰ নক্ষত্ৰ পৰিবৰ্তনত মীন ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত উৎসাহ পাব৷ ব্যৱসায়ৰ নতুন পথ উন্মোচিত হব পাৰে৷ যিয়ে উন্নতিৰ সুযোগ দিব৷ দেৱী সৰস্বতীৰ আশীৰ্বাদত পঢ়াশুনা আৰু জ্ঞান সম্পৰ্কিত সাধনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ পৰিয়াল আৰু সমাজৰ মাজত সম্প্ৰীতিয়ে বিৰাজ কৰিব৷ স্বাস্থ্য ভালে থাকিব আৰু মেডিটেছনে শান্ত মন বজায় ৰখাত সহায় কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















