লিভাৰত অতিৰিক্ত চৰ্বি জমা হোৱাক সহজ ভাষাত কোৱা হয় ফেটি লিভাৰ আৰু চিকিৎসাবিজ্ঞানৰ ভাষাত মেটাবলিক ডিছফাংছন এছোচিয়েটেড ষ্টিটেটিক লিভাৰ ডিজিজ বুলি কোৱা হয়৷ আমাৰ দৈনন্দিন কিছু অভ্যাসেই এই ৰোগ বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ এই অৱস্থাত লিভাৰৰ স্বাভাৱিক বিপাকক্ৰিয়া ব্যাহত হ’বলৈ আৰম্ভ কৰে আৰু ধীৰে ধীৰে কোষৰ ক্ষতি হ’বলৈ ধৰে৷ ফলত ইয়াৰ পৰাই প্ৰশ্ন হয় ফেটি লিভাৰৰ পৰা লিভাৰৰ কৰ্কটৰ আশংকা বাঢ়ে নেকি?
পৰীক্ষানিৰীক্ষাৰে ফেটি লিভাৰ চিনাক্ত হয়৷ অতিৰিক্ত জাংক ফুড খোৱাৰ প্ৰৱণতা আৰু শৰীৰক অচল ৰখাৰ অভ্যাসে লিভাৰত চৰ্বি জমা কৰে৷ তাৰপৰাই ফেটি লিভাৰত আক্ৰান্ত হয় বহুজন৷ লিভাৰৰ যত্ন নল’লে পাছলৈ ই জটিল ৰূপ ধাৰণ কৰে৷ চিকিৎসকে কয় যিসকলৰ ডায়বেটিছ, উচ্চ কলষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা বেছি৷ আৰু ৰেড মিট, চিজ ইত্যাদি অত্যধিক পৰিমাণে খালে ফেটি লিভাৰৰ সম্ভাৱনা বাঢ়ে৷ ফেটি লিভাৰক এক সাধাৰণ সমস্যা ভাৱি থকা মুঠেও নিৰাপদ নহয়৷ দীৰ্ঘ দিন এই সমস্যা অৱহেলা কৰি থাকিলে লিভাৰৰ গুৰুতৰ ৰোগ হব পাৰে৷ আনকি কৰ্কটৰো আশংকা বাঢ়ে৷
ফেটি লিভাৰৰ পৰা কেনেকৈ কৰ্কটৰ আশংকা বাঢ়ে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















