জ্যোতিষশাস্ত্ৰত গ্ৰহৰাজ সূৰ্যদেৱৰ গোচৰক এক অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা হিচাপে ধৰা হয়৷ সূৰ্যই যেতিয়া এটা ৰাশিৰ পৰা অন্য ৰাশিত বা এক নক্ষত্ৰৰ পৰা অন্য নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ পৰে মানৱজীৱন আৰু সমগ্ৰ জগতৰ ওপৰত৷ জ্যোতিষৰ গণনা অনুসৰি ৬ ফেব্ৰুৱাৰীত সূৰ্যদেৱে ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তনে খুলিব ৫ৰাশিৰ ভাগ্য৷ সন্মান লাভৰ ওপৰিও অৰ্থও আহিব হাতলৈ৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই নক্ষত্ৰ গোচৰ অত্যন্ত লাভজনক প্ৰমাণিত হব৷ কাৰণ এই নক্ষত্ৰৰ অধিপতি মঙ্গল৷ যি মেষ ৰাশিৰো স্বামী৷ ফলত এই সময়ত আপোনাৰ আত্মবিশ্বাস অভূতপূৰ্ব বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ দক্ষতাই প্ৰশংসা পাব৷ যিসকলে চৰকাৰী ক্ষেত্ৰৰ সৈতে যুক্ত তেওঁলোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি দীৰ্ঘদিন ৰৈ থকা অৰ্থ উভতাই পোৱাৰো যোগ তৈয়াৰ হৈছে৷
সিংহ ৰাশি
সূৰ্য সিংহ ৰাশিৰ অধিপতি হোৱাৰ ফলত সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ সকলোতকৈ ইতিবাচক প্ৰভাৱ পৰিব এই ৰাশিৰ জাতকৰ ওপৰত৷ ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ অৱস্থানে আপোনাক শত্ৰুৰ বিৰুদ্ধে বিজয় আনি দিব৷ এই সময়ত ব্যৱসায়ত কোনো ডাঙৰ চুক্তি চূড়ান্ত হ’ব পাৰে৷ যাৰ ফলত বেংক বেলেন্স বৃদ্ধি পাব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদ দূৰ হব পাৰে৷ সমাজত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷
বৃশ্চিক ৰাশি
মঙ্গলৰ দ্বিতীয় ৰাশি বৃশ্চিকৰ জাতকৰ বাবেও এই সময় একেবাৰে স্বৰ্ণযুগৰ দৰে৷ সূৰ্যদেৱৰ কৃপাত দীৰ্ঘদিন ধৰি ৰৈ থকা কামে গতি পাব৷ বিনিয়োগৰ বাবেও এই সময় অত্যন্ত অনুকূল৷ নতুন ঘৰ বা যানবাহন ক্ৰয়ৰ পৰিকল্পনা থাকিলে সফল হব পাৰে৷ চাকৰিয়ালে কাঙ্ক্ষিত সলনি বা পদোন্নতি পাব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ জীৱনত সূৰ্যৰ এই গোচৰে আৰ্থিক স্থিতিশীলতা আনি দিব৷ আপোনাৰ বাকশক্তি আৰু কথাবাৰ্তাৰ প্ৰভাৱ বাঢ়িব৷ যাৰ ফলত জটিল কামো সহজে সম্পন্ন হব৷ বিদেশযাত্ৰাৰ যোগো তৈয়াৰ হৈছে৷ যিসকলে উচ্চশিক্ষাৰ বাবে চেষ্টা কৰিছে তেওঁলোকে সুখবৰ পাব পাৰে৷ ইয়াৰোপৰি হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
কুম্ভ ৰাশি
ধনিষ্ঠা নক্ষত্ৰৰ বিস্তাৰ মকৰ আৰু কুম্ভ ৰাশিত হব৷ ৬ ফেব্ৰুৱাৰীৰ পাছত কুম্ভ ৰাশিৰ জাতক জীৱনত একাধিক ইতিবাচক পৰিবৰ্তন আহিব৷ দীৰ্ঘদিনীয়া মানসিক উদ্বেগ আৰু দুশ্চিন্তা দূৰ হব৷ আয়ৰ নতুন উৎস মুকলি হব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হব৷ ডাঙৰ কোনো সাফল্য আপুনি অৰ্জন কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















