দীৰ্ঘদিনৰ সহবাস আৰু সন্তানৰ জন্মই, যুগলৰ মাজত বিবাহৰ দৰে সম্পৰ্ক তৈয়াৰ কৰে৷ আইনত বিয়া নহ’লেও সেই ক্ষেত্ৰত সংগীনিয়ে আইনৰ সুৰক্ষা পাব পাৰে৷ স্ত্ৰীৰ মৰ্যাদাও পাব পাৰে৷ এক গোচৰত এই মন্তব্য কৰিছে বম্বে হাইকৰ্টে৷ খাৰিজ কৰি দিয়া হৈছে গোচৰকাৰী যুৱকৰ আবেদন৷ যুৱকৰ বিৰুদ্ধে অভিযোগ, দীৰ্ঘ দিন এগৰাকী তৰুণীৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্কত আছিল আৰু সহবাসো কৰিছিল৷ সেই সম্পৰ্কৰ ফলত তেওঁলোকৰ এগৰাকী কন্যাসন্তানো জন্ম হয়৷ কিন্তু মাতৃ বা সন্তানৰ দায়িত্ব ল’বলৈ তেওঁ অস্বীকাৰ কৰে আৰু অন্য এগৰাকীক বিয়া কৰাই৷ সংগীনীৰ সৈতে আইনৰ বিবাহ নোহোৱাত তেওঁ কন্যা আৰু মহিলাগৰাকীক অস্বীকাৰ কৰাৰ বাবে আইনৰ কাষ চাপে মহিলাগৰাকী৷ গাৰ্হস্ত্য হিংসাৰ গোচৰ ৰুজু কৰে প্ৰেমিকৰ বিৰুদ্ধে৷
তৰুণীৰ অভিযোগ আছিল যে দীৰ্ঘ সহবাসৰ পূৰ্বে তেওঁ এবাৰ অন্তঃসত্ত্বা হৈছিল৷ তেতিয়া তেওঁক প্ৰেমিক গৰ্ভপাত কৰিবলৈ বাধ্য কৰায়৷ পাছত আকৌ গৰ্ভধাৰণ হয় দ্বিতীয়বাৰ এগৰাকী কন্যা সন্তান জন্ম হয়৷ কিন্তু প্ৰেমিকে তেতিয়াই তেওঁক ত্যাগ কৰে৷ এতিয়া সেই কন্যাৰ বয়স ৮মাহ৷ নিম্ন আদালতে তৰুণীৰ অভিযোগ শুনি আৰু পৰিস্থিতি বিবেচনা কৰি যুৱকক ভৰণপোষণ দিয়াৰ নিৰ্দেশ দিছে৷ কোৱা হৈছে তৰুণীৰ বাবে মাহিলী ৫হাজাৰ টকা আৰু সন্তানৰ বাবে মাহিলী ২হাজাৰ টকা দিব লাগিব যুৱকে৷ এই নিৰ্দেশক চেলেঞ্জ কৰি বম্বে হাইকৰ্টৰ দ্বাৰস্থ হৈছিল যুৱক আৰু তেওঁৰ পৰিয়াল৷ বিচাৰপতি এম এম নেৰলিকাৰৰ বেঞ্চে এই গোচৰৰ শুনানি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















