ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ ভাৰতৰ ওপৰত বিশালকায় শুল্কৰ বোজা জাঁপি দিছে মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ বহুতেই ধাৰণা কৰিছিল ইয়াৰ ফলত বেছ কিছু চাপ পৰিছে নতুনদিল্লীত৷ প্ৰকৃত বিষয় কিন্তু সেয়া নহয়৷ নতুনকৈ গেম প্লেন সজাইছে ভাৰতে৷ আৰু সেয়ে ট্ৰাম্পৰ যাৱতীয় ৰঙাচকু উপেক্ষা কৰি ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে৷ আজি মঙলবাৰে এই চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত দেশত একাধিক সামগ্ৰীৰ দাম কমিব বুলিও বহু অৰ্থনীতিবিদে উল্লেখ কৰিছে৷ কাৰণ ইউৰোপীয় পণ্যৰ দামৰ ওপৰত থকা শুল্ক কমোৱা হব৷ কি কি সামগ্ৰীৰ দাম কমিব?
ভাৰত-ইউৰোপীয় ইউনিয়নৰ মাজত এই বাণিজ্য চুক্তিৰ ফলত কমিব নানান কেমিকেল, মেডিকেল সামগ্ৰী, অস্ত্ৰোপচাৰৰ সামগ্ৰী আৰু সুৰাৰ দাম৷
সুৰাৰ ওপৰত কিমান কমিব শুল্ক?
নতুন ট্ৰেড ডিলৰ আওতাত বিয়েৰ, ৱাইন আৰু স্পিৰিটৰ ওপৰত শুল্ক কমি যাব৷ বিয়েৰৰ ওপৰত শুল্ক কমিছে ৫০শতাংশ যি পূৰ্বে আছিল ১১০ শতাংশ৷ ৱাইনৰ ওপৰত শুল্ক কমিছে ২০-৩০শতাংশ যি পূৰ্বে আছিল ১৫০ শতাংশ৷ স্পিৰিটৰ ওপৰত শুল্ক কমিছে ৪০ শতাংশ৷ ফলত ভাৰতীৰ প্ৰিমিয়াম এলকহলৰ বজাৰত প্ৰতিযোগিতা বাঢ়িব, যাৰ লাভ পূণ্যৰ্দমে লাভ কৰিব সুৰাপ্ৰেমীয়ে৷
একাধিক পণ্যত শুল্ক সম্পূৰ্ণৰূপে শূন্য
নতুন ট্ৰেড ডিলৰ আওতাত অলিভ অইল, মাৰ্জাৰিন আৰু অন্যান্য উদ্ভিদজাত তেলৰ ওপৰৰ পৰা শুল্ক সম্পূৰ্ণৰূপে মচি পেলোৱা হৈছে৷ ফলত এইসমূহ সামগ্ৰীৰ দামো বহুপৰিমাণে কমি যাব৷
বাহনৰ দাম কমিব
বৰ্তমান ভাৰতীয় বজাৰত ইউৰোপৰ পৰা আমদানি কৰা বাহনৰ ওপৰত ১১০ শতাংশ শুল্ক আছে৷ ট্ৰেড ডিলৰ আওতাত সেয়া প্ৰায় ১০ শতাংশ কমাই দিয়া হব৷ অৱশ্যে সেয়া এদিনতে নহয় ধীৰে ধীৰে এই পদক্ষেপ লোৱা হব৷ যন্ত্ৰপাতিৰ ওপৰত ৪৪শতাংশ আৰু ৰাসায়নিকৰ ওপৰত ২২ শতাংশ পৰ্যন্ত প্ৰত্যাহাৰ কৰা হব৷
গ্ৰীণ এনাৰ্জি আৰু পৰিবেশৰ বাবে ৫০০ মিলিয়ন ইউৰো
বাণিজ্যৰ বাহিৰেও এই চুক্তিত জলবায়ু পৰিবৰ্তন আৰু মোকাবিলাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ লোৱা হৈছে৷ ইউৰোপীয় ইউনিয়নৰ আগন্তুক ২বছৰত ভাৰতৰ ৫০০ মিলিয়ন ইউৰো আৰু প্ৰায় ৪৫০০ কোটি টকা দিব৷ এই ফাণ্ডে ভাৰতৰ গ্ৰীণহাউছ গেছ নিৰ্গমন কমাব আৰু পৰিবেশ বান্ধৱ শিল্পৰ উন্নতি সাধনত ব্যৱহাৰ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















