এণ্টাৰ্কটিকাৰ বৰফে ঢকা সমুদ্ৰৰ চৰিত্ৰ সলনি হৈছে৷ প্ৰাচীন নিয়ম আৰু এতিয়া নাই৷ যি শীতল পানী ইমান দিনে সমুদ্ৰৰ উপৰিভাগত আছিল সেয়া হঠাৎ তললৈ যাবলৈ আৰম্ভ কৰিছে৷ পৰিবৰ্তে তলৰ পৰা উষ্ণ পানী ওপৰলৈ উঠি আহিছে৷ ইয়াৰ ফলত সমুদ্ৰৰ সেই অংশৰ পানীত নিমখো বাঢ়িবলৈ আৰম্ভ কৰিছে৷ এই পৰিবৰ্তন চকুত পৰাৰ পাছৰে পৰাই দুশ্চিন্তাত আছে বিজ্ঞানীও৷ একাংশৰ দাবী, ইয়াৰ ফলত সমুদ্ৰৰ বহু পৰিবৰ্তন হৈছে৷ পৃথিৱীৰ অন্যান্য প্ৰান্ততো ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰিছে বহুজনে৷
সমুদ্ৰৰ এই গতিপ্ৰকৃতিৰ সলনি প্ৰথমে চকুত পৰিছে মহাকাশৰ কৃত্ৰিম উপগ্ৰহৰ পৰা পঠিওৱা তথ্যৰ পাতত৷ পৃথিৱীক পৰ্যবেক্ষণকাৰী একাধিক উপগ্ৰহৰ তথ্য বিশ্লেষণ কৰি ব্ৰিটেইনৰ নেশ্ব্যনেল ওচেনগ্ৰাফীক চেণ্টাৰে এক ৰিপৰ্ট তৈয়াৰ কৰিছে৷ তাতেই কোৱা হৈছে, এণ্টাৰ্কটিকা মহাদেশ সংলগ্ন সমুদ্ৰৰ মেৰু আৰু উপমেৰু স্ৰোতৰ মধ্যবৰ্তী অংশৰ পানীত নিমখৰ পৰিমাণ স্বাভাৱিকৰ তুলনাত বহু পৰিমাণে বাঢ়ি গৈছে৷ ২০১৬ চনৰ পৰা নিমখ বঢ়াৰ তথ্যও লাভ কৰিছে বিজ্ঞানীয়ে৷ তেওঁলোকৰ মতে দক্ষিণ গোলাৰ্ধত সমুদ্ৰৰ গভীৰ স্ৰোতৰ সঞ্চালনত বৃহৎ কোনো পৰিবৰ্তন নহ’লে এইধৰণে নিমখ বৃদ্ধি সম্ভৱ নহয়৷ কেৱল পৰিবৰ্তনেই নহয়, সমুদ্ৰ সোঁতৰ সঞ্চালন সম্পূৰ্ণ ওলোটা হৈ গৈছে বুলি ধাৰণা কৰা হয়৷ ইয়াৰ ফলত সমুদ্ৰৰ তলৰ পানী কেইবাশ বছৰ ধৰি জমা থকা উত্তাপ আৰু কাৰ্বন ডাই অক্সাইডো ওপৰলৈ আহিছে৷
এণ্টাৰ্কটিকাৰ বৰফত বিশ্ব উষ্ণায়নৰ প্ৰভাৱ কমবেছি সকলোৱেই জানে৷ বৰফ প্ৰতিবছৰেই গলিছে৷ পৰিসংখ্যাই কৈছে ২০১৫ চনৰ পৰা বৰ্তমান পৰ্যন্ত এণ্টাৰ্কটিকা আৰু সংলগ্ন সমুদ্ৰত যি পৰিমাণত বৰফ গলিছে সেয়া এখন গ্ৰিণলেণ্ডৰ সমান আকাৰৰেই হ’ব৷ বিগত কেইবাদশকত পৃথিৱীৰ দ্ৰুততম পৰিবৰ্তনসমূহৰ মাজত এয়াও অন্যতম৷ বিজ্ঞানৰ নিয়মে কৈছে, বৰফ গলিলে সমুদ্ৰৰ ওপৰিতলৰ পানীত নিমখ কমে৷ ইয়াৰ ফলচ এনে পৰিস্থিতি তৈয়াৰ হয় যিয়ে নতুনকৈ বৰফ জমাৰ পক্ষে অনুকূল৷ সেয়ে বৰফ গলি সমুদ্ৰৰ পানীত মিহলি হয় আৰু সেই পানী আকৌ গোট মাৰি বৰফো হয়৷ আপাতভাৱে তাৰ পৰা কোনো ক্ষতিৰ সম্ভাৱনা নাথাকে৷ কিন্তু স্ৰোত সঞ্চালনাৰ হঠাৎ পৰিবৰ্তনৰ ফলত সেই হিচাপ সলনি গৈছে৷ বিজ্ঞানীসকলৰ ওচৰত এই পৰিবৰ্তন আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত৷
উপৰিতলৰ নিমখযুক্ত পানীয়ে সমুদ্ৰৰ ধৰণেই সলনি কৰি দিছে৷ সাধাৰণভাৱে বৰফ গলা শীতল পানী সমুদ্ৰৰ ওপৰিভাগ নাই৷ তাৰ বিপৰীতে তলৰ পানী অৰ্থাৎ উষ্ণ আৰু নিমখযুক্ত পানী ওপৰলৈ আহিছে৷ নিমখেই সেই পানীৰ প্লাৱতা নিয়ন্ত্ৰণ কৰি থাকে৷ ইয়াৰ ফলত সমুদ্ৰৰ গভীৰ তাপক বন্দী কৰি ৰাখে ওপৰতলত শীতল বৰফ তৈয়াৰৰ অনুকূল পানী থাকে৷ কিন্তু এতিয়া লৱণাক্ত পানীয়ে সমুদ্ৰৰ গভীৰৰ পৰা তাপক ওপৰলৈ উঠি অহাত সহায় কৰিছে৷ উষ্ণ পানীৰ এই ঊৰ্ধ্বমুখী সঞ্চালনে সমুদ্ৰৰ বৰফক তলৰ পৰা গলাই দিছে৷ বৰফ পুনৰায় তৈয়াৰ হোৱাৰ দৰে পৰিস্থিতি আৰু নাই৷ বিজ্ঞানীয়ে জনাইছে যে এই ট্ৰেণ্ড যদি চলি থাকে তেন্তে দক্ষিণ মহাসাগৰত স্থায়ী পৰিবৰ্তন আহিব৷ তাৰ প্ৰভাৱ পৰিব পাৰে সমগ্ৰ বিশ্বত৷
জনশূন্য এণ্টাৰ্কটিকাত সমুদ্ৰৰ পৰিবৰ্তনত কি কি সমস্যা হ’ব পাৰে? বিজ্ঞানীৰ দাবী যে ইয়াৰ ফলত বিশ্বব্যাপী সমুদ্ৰস্ৰোত ব্যাহত হব পাৰে৷ সলনি হব পাৰে জলবায়ুৰ ধৰণ৷ আনকি এণ্টাৰ্কটিকাৰ বাহিৰৰ পানীতো এই পৰিবৰ্তন আহিব পাৰে৷ কাৰণ এণ্টাৰ্কটিকা আৰু অন্য সমুদ্ৰ সংযুক্ত হৈ আছে৷ বিশ্ব উষ্ণায়নৰ ফলত যি বৰফ গলিবলৈ আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া আৰু ত্বৰান্বিত হ’ব বুলিও ধাৰণা কৰিছে বিজ্ঞানীসকলৰ একাংশই৷
বৰফ গলি যোৱাৰ ফলত সমুদ্ৰৰ গভীৰত জমা থকা তাপ আৰু বেছিকৈ পৃথিৱীৰ বায়ুমণ্ডলত বিয়পি পৰিব৷ বিজ্ঞানীসকলৰ আশংকা যে ইয়াৰ ফলত জলবায়ুৰ পৰিবৰ্তন আৰু দ্ৰুত হ’ব ফলত কিছু ঠাইত অতিপাত ঠাণ্ডা আৰু কিছু স্থানত অতিপাত গৰমো অনুভৱ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















