পশ্চিম এছিয়াত চলিছে যুদ্ধ৷ ইৰান-ইজৰায়েলৰ সংঘাতত সোমাই পৰিছে আমেৰিকাসহ আৰু বহু দেশ৷ আৰু সেই সময়তে আকৌ এবাৰ চৰ্চাত বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী৷ এই বুলগেৰিয়ান জ্যোতিষীৰ আৰু বহু ভৱিষ্যদ্বাণী সঁচা হৈছিল ইয়াৰ পূৰ্বেও৷ সম্প্ৰতি ২০২৬ চনক লৈ তেওঁ কৰা বহু ভৱিষ্যদ্বাণী আকৌ চৰ্চালৈ আহিছে৷ শনিবাৰে ২৮ ফেব্ৰুৱাৰীত Israel আৰু United Statesৰ যৌথ অভিযানে ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ পাছতেই আকৌ আলোচনা হৈছে বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী৷
কি কৈছিল বাবা ভাঙ্গাই?
বহু বছৰ পূৰ্বে বাবা ভাঙ্গাই সতৰ্ক কৰিছিল যে পূৰ্বাঞ্চলৰ কোনো এক ডাঙৰ সংঘাতৰ পৰাই এই ভয়াৱহ যুদ্ধৰ সূত্ৰপাত হব পাৰে৷ যিয়ে ধীৰে ধীৰে সমগ্ৰ বিশ্বক প্ৰভাৱ পেলাব৷ বৰ্তমান পৰিস্থিতিৰ সৈতে তেওঁৰ ভৱিষ্যবাণীৰ মিল বিচাৰি পাইছে বহুতেই৷
ইউৰোপত প্ৰভাৱ
ছচিয়েল মিডিয়াত বহুতেই দাবী কৰিছে যে বৰ্তমান মধ্যপ্ৰাচ্যৰ উত্তেজনাই যেন তেওঁৰ ভৱিষ্যদ্বাণীকেই সঁচা কৰি তুলিছে৷ বাবা ভাঙ্গাই কৈছিল, এই সংঘাতে বিশ্বৰ ডাঙৰ শক্তিসমূহৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে৷ এই সংঘৰ্ষৰ প্ৰভাৱ বিশেষকৈ ইউৰোপত সকলোতকৈ বেছি পৰিব পাৰে৷
মাৰ্চ এপ্ৰিলতেই ভয়ানক ঘটনা
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৬ চনৰ মাৰ্চ-এপ্ৰিল মাহত মাজতেই এক ভয়াৱহ যুদ্ধ আৰম্ভ হ’ব পাৰে৷ সেই যুদ্ধই ধীৰে ধীৰে বিশ্ব ৰাজনীতিক ক্ষতি কৰিব আৰু শক্তিশালী দেশসমূহৰ মাজত সংঘৰ্ষৰ পৰিস্থিতি তৈয়াৰ হব পাৰে৷ আনকি Russia আৰু United States–ৰ দৰে শক্তিধৰ দেশসমূহৰ সন্মুখ সমৰত চলি আহিব পাৰে বুলি তেওঁ ইংগিত দিছে৷
যুদ্ধৰ প্রভাৱ
বাবা ভাঙ্গাৰ মতে, এই যুদ্ধৰ সকলোতকৈ ডাঙৰ ধাক্কা লাগিব ইউৰোপত৷ যুদ্ধৰ ধ্বংসযজ্ঞত ইউৰোপৰ বহু অঞ্চল প্ৰায় জনশূন্য আৰু অনুৰ্বৰ হৈ যাব পাৰে৷ একে লগে তেওঁ আকৌ জনাইছে যে এই সংঘাতৰ পাছত বিশ্ব ৰাজনীতিত নতুন শক্তিৰ উত্থান হ’ব৷ ৰাছিয়া আৰু শক্তিশালী বৈশ্বিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে৷
উল্লেখ্য অতীততো বাবা ভাঙ্গাৰ একাধিক ভৱিষ্যদ্বাণীক লৈ ব্যাপক আলোচনা হৈছে৷ বহুতেই দাবী কৰে যে তেওঁৰ বহু ভৱিষ্যদ্বাণী বাস্তৱতো মিলি গৈছে৷ যেনে ছোভিয়েট ইউনিয়ন ভাঙি যোৱা, আমেৰিকাৰ টুইন টাৱাৰ এটাক, প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতি, চীনৰ উত্থান, স্মাৰ্টফোনৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু বিশ্বজুৰি সন্ত্ৰাসবাদৰ বৃদ্ধি৷ ইয়াৰোপৰি তেওঁৰ কিছু ভৱিষ্যদ্বাণীত সাম্প্ৰতিক ভূমিকম্প আৰু আন্তৰ্জাতিক সংঘাতৰ কথাও উল্লেখ আছিল বুলি দাবী কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















