জ্যোতিষ শাস্ত্ৰত শনি দেৱক গুৰুত্বপূৰ্ণ দেৱতা হিচাপে গণ্য কৰা হয়। শনি দেৱক কৰ্মৰ ফলদাতা বুলিও কোৱা হয়। আপুনি কৰা কিছুমান ভুলৰ বাবে শনি দেৱৰ খং উঠে। কেতিয়াবা জীৱনত বিপদ হ’লে একাংশই কয়, ‘শনি লাগিল নিশ্চয়!’
আপুনি জানেনে শনি দেৱে কোনবোৰ মানুহক বেছিকৈ কষ্ট দিয়ে? স্কন্দ পুৰাণৰ দৰে প্ৰাচীন গ্ৰন্থ অনুসৰি কিছুমান বিশেষ কৰ্মই শনিৰ ক্ৰোধৰ সৃষ্টি কৰে। সেই বিষয়ে বিতংভাৱে জানো আহক…
কোনবোৰ লোকক শনিয়ে কষ্ট দিয়ে?
বৃদ্ধ আৰু গুৰুক অপমানঃ যিসকলে নিজৰ পিতৃ-মাতৃ, ককা-আইতা বা শিক্ষকক সন্মান নকৰে তেওঁলোকে কেতিয়াও শনিৰ আশীৰ্বাদ নাপায়। এনে ব্যক্তি সদায় বিপদত পৰে। জ্যোতিষীসকলৰ মতে, বৃদ্ধলোকক হাৰাশাস্তি কৰাসকলৰ ওপৰত শনি ক্ৰোধিত হয়।
যিসকলে অসহায় আৰু নাৰীক হাৰাশাস্তি কৰেঃ শনিয়ে দুখীয়া আৰু অসহায়ক সহায় কৰে। শ্ৰমিক, ভিক্ষাৰী আৰু নাৰীক অৱহেলা কৰাসকলৰ বাবে তেওঁ অতি দুখ কঢ়িয়াই আনে।
মিছলীয়া আৰু প্ৰতাৰক: মিছা কথা কোৱা আৰু প্ৰতাৰণা কৰা বা মিছা কথা কোৱাসকলক শনিয়ে ভাল নাপায়।
জীৱ-জন্তুক হাৰাশাস্তি কৰা সকল: শনিদেৱে সকলো জীৱৰ প্ৰতি দয়ালু। জীৱ-জন্তু হত্যা কৰা, মাৰধৰ কৰা, বা আন কোনো জীৱৰ ক্ষতি কৰা সকল সদায় শনি কোপদৃষ্টিৰ সন্মুখীন হয়।
এলেহুৱা আৰু দায়িত্বহীন মানুহ: এলাহুৱা ব্যক্তিক শনিয়ে কষ্ট দিয়ে। নিজৰ কৰ্তব্যৰ পৰা পলায়ন কৰা ব্যক্তিক শনিয়ে ধ্বংস কৰি দিবলৈ বেছি সময় নলগায়।
প্ৰতিকাৰ
শনি মন্দিৰলৈ গৈ যিকোনো শনিবাৰে শনি দেৱৰ পূজা কৰক। তেওঁক সৰিয়হৰ তেলৰ চাকি আগবঢ়ালে সুফল পাব। ইয়াৰোপৰি শনি চলিছা আৰু হনুমান চলিছা পাঠ কৰক।
Disclaimer: এই বাতৰিত প্ৰকাশিত তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24-এ ইয়াক সমৰ্থন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














