অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতে বিজেপিয়ে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ৮৮টা সমষ্টিৰ বাবে তালিকা ঘোষণা কৰে বিজেপিয়ে। বুধবাৰে নতুন দিল্লীত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বিশেষ বৈঠকত চূড়ান্ত হয় বিজেপিৰ প্ৰাৰ্থী তালিকা। এই বৈঠকতে অসমৰ প্ৰাৰ্থী তালিকাত চূড়ান্ত মোহৰ সংসদীয় ব’ৰ্ডৰ।
ইতিমধ্যে আজাপ, কংগ্ৰেছ, ৰাইজৰ দলে ইতিমধ্যে আংশিক প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়েও আজি চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।
চাওক বিজেপিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা
- জালুকবাৰী- ড০ হিমন্ত বিশ্ব শৰ্মা
- জাগীৰোড- পীযুষ হাজৰিকা
- মধ্যগুৱাহাটী- বিজয় গুপ্তা
- নিউ গুৱাহাটী- দিপ্লু ৰঞ্জন শৰ্মা
- দিছপুৰ- প্ৰদ্যুত বৰদলৈ
- লখিমপুৰ- মানৱ ডেকা
- যোৰহাট- হিতেন্দ্ৰ নাথ গোস্বামী
- মৰিয়নি- ৰূপজ্যোতি কুৰ্মী
- কমলপুৰ- দিগন্ত কলিতা
- ডিব্ৰুগড়- প্ৰশান্ত ফুকন
- নলবাৰী- জয়ন্ত মল্লবৰুৱা
- ধেমাজি- ডাঃ ৰণোজ পেগু
- গোলাঘাট- অজন্তা নেওগ
- সৰুপথাৰ-বিশ্বজিৎ ফুকন
- টিহু- চন্দ্ৰমোহন পাটোৱাৰী
- নদুৱাৰ- পদ্ম হাজৰিকা
- ৰহা- শশীকান্ত দাস
- খুমটাই- মৃণাল শইকীয়া
- নগাঁও-বটদ্ৰৱা- ৰূপক শৰ্মা
- মৰিগাঁও- ৰমাকান্ত দেউৰী
- ঢকুৱাখনা- নৱ দলে
- জোনাই- ভূবন পেগু
- ঢেকীয়াজুলি- অশোক সিংহল
- খোৱাং- চক্ৰ গগৈ
- টিংখং- বিমল বড়া
- চাবুৱা-লাহোৱাল- বিনোদ হাজৰিকা
- নাহৰকটীয়া- তৰংগ গগৈ
- দুলীয়াজান- ৰামেশ্বৰ তেলী
- ডিমৌ- সুশান্ত বৰগোহাঁই
- বৰক্ষেত্ৰী- নাৰায়ণ ডেকা
- বঢ়মপুৰ- জিতু গোস্বামী
- বিশ্বনাথ- পল্লৱ লোচন দাস
- বৰছলা- ঋতুবৰণ শৰ্মা
- মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা
- তিতাবৰ- ধীৰাজ গোৱালা
- দেৰগাঁও- ড০ মৃদুল দত্ত
- ভৱানীপুৰ-সৰভোগ- ৰণজিৎ কুমাৰ দাস
- গোলকগঞ্জ- অশ্বিনী ৰায় সৰকাৰ
- দুধনৈ- টংকেশ্বৰ ৰাভা
- বিশ্বনাথ-পল্লৱ লোচন দাস
- গহপুৰ- উৎপল বৰা
- ৰঙাপৰা- কৃষ্ণ কমল তাঁতী
- শদিয়া- বলীন চেতিয়া
- তিনিচুকীয়া- পুলক গোহাঁই
- মাহমৰা- সূৰুয দিহিঙীয়া
- ডুমডুমা- ৰূপেশ গোৱালা
- ৰংখাং-ড০ তুলীৰাম ৰংহাং
- সোণাৰি- ধৰ্মেশ্বৰ কোঁৱৰ
- লক্ষিপুৰ- কৌশিক ৰায়
- পাথাৰকান্দি- কৃষ্ণেন্দু পাল
- গোৰেশ্বৰ- ভিক্টৰ দাস
- হোজাই- শিলাদিত্য দেৱ
- ডিগবৈ- সুৰেণ ফুকন
- বিহপুৰীয়া- ভূপেন বৰা
- ৰঙানদী- ঋষিৰাজ হাজৰিকা
- পলাশবাৰী- হিমাংশু বৈশ্য
- মঙলদৈ- নীলিমা দেৱী
- মাকুম- সঞ্জয় কিষাণ
- ৰঙিয়া- ভৱেশ কলিতা
- ছিপাঝাৰ- পৰমানন্দ ৰাজবংশী
- বোকাজান- সূৰ্য চেলুট চেনট ৰংফাৰ
- ডিফু- নিছ’ তেৰাঙপী
- আমৰি- হাবে টেৰন
- হাওৰাঘাট- লুনসিং টেৰন
- টংলা- বিকণ ডেকা
- বিজনী- অৰূপ দে
- মাজুলী- ভূৱন গাম
- ধলাই-অমিয়কান্তি দাস
- লামডিং- শিবু মিশ্ৰ
- কাটিগড়া- কমলাক্ষ দে পুৰকায়স্থ
- তামুলপুৰ- বিশ্বজিত দৈমাৰী
- নাজিৰা- ময়ুৰ বৰগোঁহাই
- বিহালী- মুনীন্দ্ৰ দাস
সম্পূৰ্ণ তালিকা-





কৰ্তন
ইতিমধ্যে এই তালিকা প্ৰকাশৰ পিছতে পুৰণি বহুজন বিজেপি নেতাৰ স্বপ্ন ভংগ হৈছে। বহু জ্যেষ্ঠ বিজেপি বিধায়কৰ তালিকাৰ পৰা কৰ্তন হৈছে নাম। বৰ্তমানৰ তথ্যনুসৰি,নিউ গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম, বিধায়ক অতুল বৰাৰ, বিধায়িকা নন্দিতা গাৰ্লোচাৰ, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ, বিধায়ক গণেশ লিম্বুৰ নাম, বিধায়ক অমিয় কুমাৰ ভূঞাৰ, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ, দিপায়ন চক্ৰৱৰ্তীৰ, ৰাম কৃষ্ণ ঘোষৰ, অজয় ৰায়ৰ, মিহিৰকান্তি চোমৰ, দিগন্ত ঘাটোৱালৰ, বিদ্যাসিং ইংলেঙৰ, দৰসিং ৰংহাঙৰ, বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু নোমল মমিন আদিৰ নাম কৰ্তন কৰিলে বিজেপি নেতৃত্বই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















