স্বামী-স্ত্ৰীৰ সম্পৰ্ক অতি ঠুনুকা। সৰু কথা এটাই বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰিব পাৰে। প্ৰায়ে বেছিভাগ দম্পতীয়ে বিয়াৰ পিছত সোনকালে কাজিয়া আৰম্ভ কৰে, যাৰ ফলত বিবাহ বিচ্ছেদ হয়। আজিকালি বহুতে চিন্তিত হৈ পৰিছে নিজৰ বিবাহিত জীৱনটো কেনেকৈ সুখী কৰি তুলিব পাৰি। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান টিপছ যিয়ে আপোনাৰ জীৱনটো সুখী কৰি তুলিব পাৰে।
- নিশা দিনটোৰ সকলো সংঘাত সমাধান কৰক।
- ফোন বা টিভিৰ পৰা আঁতৰি থাকি ইজনে সিজনক সময় দিয়ক।
- দুয়ো একে সময়তে শুব লাগে। শুৱাৰ পূৰ্বে একেলগে ভাল সময় কটাওক।
- মাজে মাজে ইজনে সিজনক নিশ্চয় প্ৰশংসা কৰিব আৰু ধেমালি কৰিব।
- কেতিয়াও আপোনাৰ সংগীক গুডনাইট কিছ দিবলৈ নাপাহৰিব।
সফল সম্পৰ্কৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ। সৰু সৰু কথাবোৰৰ যত্ন লোৱাটো প্ৰয়োজন। এইবোৰক আওকাণ কৰিলে সম্পৰ্কত দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে। ফলত মানসিক চাপৰ সৃষ্টি হ’ব পাৰে, যিটো অস্বাস্থ্যকৰ। এই টিপচ্ মানি চলিলে আপোনাৰ সংগীয়ে কেতিয়াও আপোনাৰ ওপৰত খং নকৰিব আৰু সম্পৰ্ক সুন্দৰ হৈ থাকিব।
(অস্বীকাৰ: প্ৰতিবেদনত লিখা তথ্যই Asom live 24ৰ মতামত প্ৰতিফলিত নকৰে। সঠিক ফলাফলৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













