বয়স বৃদ্ধিৰ লগে লগে মস্তিষ্ক ক্ৰমশ দুৰ্বল হৈ গৈ থাকে৷ কমি থাকে মস্তিষ্কৰ কাৰ্যক্ষমতা৷ কমি যায় স্মৃতিশক্তি ধৰি ৰখাৰ ক্ষমতাও৷ ৬০ বছৰৰ পূৰ্বৰে পৰা বহুতৰ মাজতেই ধীৰে ধীৰে প্ৰকাশ পাই ডিমেনছিয়া বা আলঝাইমাৰ্ছৰ লক্ষণ৷ এই সময়ত মস্তিষ্ক যিমানেই বেছি সচল ৰাখিব সিমানেই ভাল৷ কিন্তু জানি থ’ব এদিনতে হঠাৎ ডিমেনচিয়া নহয়৷ আমাৰ দৈনন্দিন কিছু বদভ্যাষেই বঢ়াই তোলো ডিমেনছিয়াৰ আশংকা৷ সেয়ে সময় বুজি ত্যাগ কৰক এই ৫ বদভ্যাস৷
৬ ঘণ্টাতকৈ কম টোপনি
টোপনিৰ সৈতে আপোছ কৰিলে এই সমস্যাৰ আশংকা থাকে৷ ৬ ঘণ্টাতকৈ কম শুলে মস্তিষ্কৰ কাৰ্যকাৰিতা ধীৰে ধীৰে কমি থাকে৷ স্মৃতিভ্ৰংশৰ আশংকা তৈয়াৰ হয়৷ আৰু কম টোপনিৰ অভ্যাসে দৈনন্দিন জীৱনত মানসিক চাপ আৰু ঊদ্বেগ বঢ়াই তোলে৷ যিসকলৰ ভৱিষ্যতে কগনিটিভ স্বাস্থ্য ক্ষতিগ্ৰস্ত হয়৷ এই বদভ্যাসে মেটাবলিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাই আৰু একাধিক ক্ৰনিক অসুখৰ আশংকা তৈয়াৰ কৰে৷
অনিয়ন্ত্ৰিত ছুগাৰ লেবেল
তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি গ’লে কেৱল ডায়বেটিছৰ ভয়েই নাথাকে৷ ইয়াৰ জোৰত বহু সময়ত অন্যান্য ৰোগেও আক্ৰমণ কৰে৷ দিনৰ পাছত দিন ডায়বেটিছত ভূগিলে বা শৰীৰত ইনছুলিন ৰেজিটেন্স তৈয়াৰ হলে ই প্ৰদাহ তৈয়াৰ কৰে৷ এই প্ৰদাহে মস্তিষ্কৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়৷ ছুগাৰ লেভেল বেছি থাকিলে অক্সিডেটিভ ষ্ট্ৰেছ তৈয়াৰ কৰে আৰু ডিমেনচিয়াৰ আশংকা বঢ়ায়৷
ভুল পানীয় খোৱাৰ অভ্যাস
মদ্যপানৰ বাবে মস্তিষ্কৰ স্বাস্থ্য ক্ষতিগ্ৰস্থ হয়৷ এলক’হলে মস্তিষ্কৰ কোষৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷ তৈয়াৰ কৰে অক্সিডেটিভ ষ্ট্ৰেছ৷ ইয়াৰোপৰি মদ্যপানৰ বাবে নিউৰোইনফ্লেমেছন তৈয়াৰ হয় এইসমূহে স্মৃতিশক্তি ধৰি ৰখাৰ ক্ষমতা কমাই দিয়ে৷ এলক’হলৰ ওপৰিও চেনী মিহলোৱা পানীয়ইয়ো মস্তিষ্কৰ স্বাস্থ্যৰ বাবে সমানে ক্ষতিকৰ৷
ক্ৰনিক ষ্ট্ৰেছ
মানসিক চাপ বাঢ়িলে শৰীৰত কাৰ্টিছল হৰমন নিঃসৃত হয়৷ আৰু ষ্ট্ৰেছ যদি দৈনিক সংগী হয় তেতিয়া কাৰ্টিছলৰ মাত্ৰাও অস্বাভাৱিকভাৱে বাঢ়ে৷ এই ক্ৰনিক ষ্ট্ৰেছে শৰীৰৰ একাধিক জটিলতা মাতি আনে৷ দিনৰ পাছত দিন অৱসাদ, হতাশাত ভূগিলে কগনিটিভ স্বাস্থ্যও দুৰ্বল হৈ পৰে৷ আৰু বয়সৰ লগে লগে দেখা দিয়ে ডিমেনছিয়াই৷
ছেডেণ্টাৰী লাইফষ্টাইল
বৰ্তমান একাধিক ক্ৰনিক ৰোগৰ বাবে দায়ী ছেডেণ্টাৰী লাইফষ্টাইল৷ অনিয়ন্ত্ৰিত জীৱনযাপনে মস্তিষ্কৰ ওপৰত প্ৰভাৱ পেলায়৷ ছেডেণ্টাৰি লাইফষ্টাইলে শৰীৰত কলষ্টেৰল, উচ্চ ৰক্তচাপ, হৃদৰোগৰ সমস্যা তৈয়াৰ কৰে৷ ইয়াৰোপৰি মস্তিষ্কৰ ৰক্ত সঞ্চালন কমাই দিয়ে৷ যাৰ ফলত পৰ্যাপ্ত অক্সিজেন নাপায়৷ আৰু এই ঘটনাইয়ো ধীৰে ধীৰে ডিমেনছিয়াৰ আশংকা বঢ়ায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















