দেৱগুৰু বৃহস্পতি হৈছে জ্ঞান, সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰ দাতা৷ ২০২৬ চনত বৃহস্পতিৰ গোচৰসমূহো বেছ উল্লেখযোগ্য৷ মাত্ৰ ৫ মাহৰ ভিতৰত বৃহস্পতিয়ে দুবাৰ নিজৰ স্থান সলনি কৰিব৷ যাৰ ফলত ৰাশিচক্ৰতো দ্বিগুণ প্ৰভাৱ পৰিব পাৰে৷ সাধাৰণতে বৃহস্পতিয়ে বছৰত এবাৰ গোচৰ কৰে৷ এই বছৰ মাত্ৰ পাঁচ মাহৰ ভিতৰত দুবাৰ গোচৰ কৰিব বৃহস্পতিয়ে৷
ইয়াতেই শেষ নহয়, এই বছৰ জুন মাহত বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব মহাশক্তিশালী গজকেশৰী ৰাজযোগ৷ যি জ্যোতিষশাস্ত্ৰত অত্যন্ত শুভ বুলি বিবেচিত হয়৷ এই মুহূৰ্তত বৃহস্পতিৰ অতিচাৰী চলিছে৷ অৰ্থাৎ স্বাভাৱিকৰ তুলনাত তাৰ গতি বহু পৰিমানে বেছি হৈছে৷ ২০২৬ চনৰ জুনৰ পৰা অক্টোবৰৰ ভিতৰত বৃহস্পতিয়ে দুবাৰ গোচৰ কৰিব৷ ২০২৬ চনৰ ২ জুন বৃহস্পতিবাৰে তাৰ উচ্চস্থ ৰাশি কৰ্কট প্ৰৱেশ কৰিব৷ তাৰপিছতেই ২০২৬ চনৰ ৩১ অক্টোবৰত সিংহ ৰাশিত গোচৰ কৰিব৷ জুনৰ পৰা অক্টোবৰ পৰ্যন্ত বৃহস্পতি চন্দ্ৰৰ ৰাশি কৰ্কটতেই অৱস্থান কৰি গজকেশৰী ৰাজযোগ সৃষ্টি কৰিব৷ বৃহস্পতি আৰু চন্দ্ৰৰ দ্বাৰা গঠিত গজকেশৰী ৰাজযোগ জ্যোতিষশাস্ত্ৰত অত্যন্ত শুভ বুলি পৰিচিত হয়৷ যিয়ে বিশেষ ফল দিব ৪ ৰাশিৰ জাতকক৷ দেৱগুৰুৰ আশীৰ্বাদত সৌভাগ্যৰ সূচনা হ’ব কোন কোন ৰাশিৰ?
বৃষ ৰাশি
বৃহস্পতিৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ জীৱনত প্ৰেমৰ সঞ্চাৰ ঘটাব৷ চিংগল হ’লে এই সময়ত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ বিবাহৰ পথত বাৰে বাৰে বাধাৰ সন্মুখীন হলে এই সময়ত সেই সমস্যা দূৰ হব৷ আৰ্থিক উন্নতিৰ ওপৰিও কৰ্মজীৱনত উচ্চতৰ পদলৈ উন্নীত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ জাতকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ ব্যক্তিত্বৰ উন্নতি হব৷ সকলোৱে হঠাতে আপোনাক পছন্দ কৰিবলৈ আৰম্ভ কৰিব৷ পেছাগত আৰু ব্যক্তিগত জীৱনত ব্যাপক উন্নতি লক্ষ্য কৰিব৷ বৃহস্পতিবাৰে মন্দিৰত পূজাৰ সামগ্ৰী দান কৰক৷ ওম ব্ৰিম বৃহস্পতিয়ে নমঃ মন্ত্ৰ জপ কৰিলে আৰু ভাল ফল পাব৷
মিথুন ৰাশি
বৃহস্পতিৰ গোচৰে মিথুন ৰাশিৰ জাতকৰ সৌভাগ্যৰ দ্বাৰ খুলি দিব৷ কৰ্মজীৱনলৈ নতুন মোৰ আহিব৷ বৃহৎ পদোন্নতি বা নতুন কৰ্মজীৱন আৰম্ভ কৰাৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় অত্যন্ত শুভ সময়৷ প্ৰচুৰ উপাৰ্জনৰ সুযোগ আহিব পাৰে৷ এই সময়ত মচুৰ দাইল বা হালধি দান কৰিলে বৃহস্পতি প্ৰসন্ন হয়৷
কৰ্কট ৰাশি
এই সময় কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত অনুকূল প্ৰমাণিত হব৷ বৃহস্পতি কৰ্কটৰ উচ্চস্থ ৰাশি, ইয়াতেই গুৰুগ্ৰহৰ পৰা গজকেশৰী ৰাজযোগ সৃষ্টি হব৷ যিয়ে এই ৰাশিৰ জাতকৰ বাবে সৰ্বাধিক কল্যাণকৰ হব৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব যি ব্যক্তিত্বতো প্ৰকাশ পাব৷ নতুন চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ ব্যৱসায়ত উন্নতি ঘটিব৷ সেয়া প্ৰসাৰৰো সুযোগ থাকিব৷ বৃহস্পতিবাৰে গৰুক খাদ্য খোৱাওক আৰু উপবাসেও থাকিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি গ্ৰহ স্বয়ং বৃহস্পতি৷ এই ৰাশিৰ জাতকৰ বাবেও গজকেশৰী যোগৰ প্ৰভাৱ অত্যন্ত উপকাৰী হব৷ জীৱনত সাফল্যৰ এক নতুন অধ্যায়ৰ সূচনা হব৷ চিংগলসকলে বিবাহৰ সুযোগ পাব পাৰে৷ যিসকলে অংশীদাৰিৰ ব্যৱসায় কৰে তেঁওলোকৰ বাবেও এই সময় বেছ শুভ৷ ব্যৱসায়ত সুফল পাব৷ প্ৰসাৰৰ সুযোগ আহিব৷ সম্পদ বৃদ্ধি পাব৷ এই সময়ত বিষ্ণুৰ পূজা আৰু বৃহস্পতিবাৰে উপবাসে থাকি ব্ৰত পালন কৰিলে ফল দ্বিগুণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















