অসম লাইভ ২৪ঃ বলীউডৰ ভাইজান ছলমান খানৰ আজি ৫৫ সংখ্যক জন্মদিন। কিন্তু ক’ৰোনা কালৰ বাবে জন্মদিনৰ কোনো ডাঙৰ অনুষ্ঠানৰ আয়োজন নকৰে ছলমানে। বিগত বৰ্ষৰ দৰে এইবাৰ পনৱেল ফাৰ্ম হাউছত অনুষ্ঠিত নহয় জন্মদিনৰ পার্টী। আজি জন্মদিনৰ দিনা ছলমানৰ লগত জড়িত কিছু এনেকুৱা কথা জনাব বিচাৰিছো যিবোৰ সকলোৰে জ্ঞাত নহয়। দৰাচলতে ছলমান খানৰ আছে দুগৰাকী মাতৃ। ছলমান খানৰ পিতৃ চেলিম খানে দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল। পিতৃ চেলিম খানে ১৯৬৪ চনত সুশীলা চৰকৰ সৈতে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল। ছলমান খানৰ প্ৰথম মাতৃ সুশীলা হিন্দু পৰিয়ালৰ পৰা অহা। কিন্তু চেলিম খানৰ লগত বিয়া হোৱাৰ পিছত সুশীলাই ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু নাম সলাই চলমা কৰি লয়। এইগৰাকী সুশীলাৰ সন্তান ছলমান। ইপিনে ছলমান খানৰ দ্বিতীয় মাতৃ হ’ল হেলেন। চেলিম খানে ১৯৮০ চনত হেলেনৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল। এই বিবাহৰ সময়ত প্ৰথমা পত্নী চলমা আৰু সন্তানসকল অসন্তুষ্ট আছিল। কিন্তু লাহে লাহে এনেকৈ দিন বাগৰাৰ পিছত পৰিয়ালে হেলেনক গ্ৰহণ কৰিবলৈ লয়। হেলেনৰ লগতো ছলমান খানৰ সম্পৰ্ক নিজৰ মাতৃৰ নিচিনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















