ভাৰতৰ চিৰ বৈৰী পাকিস্তান। ভাৰতৰ শক্তি দূৰ্বল কৰিবলৈ পাকিস্তানে প্ৰতিবাৰে বিভিন্ন কৌশল অৱলম্বন কৰি আহি আছে। পিছে এইবাৰ পাকিস্তানে ভাৰতৰ সামৰিক শক্তি জানিবলৈ নতুন কৌশল অৱলম্বন কৰিছে। এইবাৰ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰী কৰিছে এজন ভাৰতীয় বায়ুসেনাৰ কৰ্মাচাৰীয়ে। ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ বহু গোপনীয় তথ্য পাকিস্তানক যোগান ধৰি আহিছিল বায়ুসেনাৰ কৰ্মচাৰীজনে।
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰী কৰাৰ ভয়ংকৰ তথ্য লাভ কৰা গৈছে বায়ুসেনাৰ কৰ্মচাৰী সুমিত কুমাৰৰ বিৰুদ্ধে। ২০২৩ বৰ্ষৰ পৰা ISIৰ নেটৱৰ্কত থাকি চোৰাংচোৱাগিৰী কৰিছিল সুমিতে। সুমিতৰ মোবাইলত তদন্তকাৰী সংস্থাই লাভ কৰিছে বিস্ফোৰক তথ্য।
যুৱকজনৰ পৰা চাবুৱাৰ বায়ুসেনা কেম্পৰ যুঁজাৰু বিমানৰ ফটো,মিছাইলৰ ফটো, লোকেচন,বায়ু সেনা কেম্পৰ আভ্যন্তৰীণ তথ্য যোগান ধৰাৰ তথ্য লাভ কৰে। কেৱল অসমৰ বায়ু সেনাৰ ঘাটিয়ে নহয় দেশৰ অন্য প্ৰান্তৰ বায়ু সেনা ঘাটিৰো তথ্য যোগান ধৰিছিল পাকিস্তানক। কেৱল সেয়াই নহয়, বহু কেইগৰাকী বায়ুসেনাৰ বিষয়াৰো ব্যক্তিগত তথ্য যোগান ধৰিছিল সুমিতে।
ঘৰ শত্ৰু বিভীষণ হৈ ধনৰ বিনিময়ত দেশৰ সুৰক্ষা ব্যৱস্থাৰ গোপনীয়তা যোগান ধৰিছিল ISI ক। সুমিতৰ একাউণ্টলৈ পাকিস্তানৰ পৰা আহিছিল বৃহৎ পৰিমাণৰ ধন। ইয়াৰোপৰি তেওঁ নিজৰ ছীম-কার্ডেৰে ভুৱা একাউন্ট খুলি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল। সম্প্ৰতি জয়পূৰ আদালতত হাজিৰ কৰি উত্তৰ প্ৰদেশৰ সুমিতক দহ দিনৰ জিম্মাত লয় ৰাজস্থানৰ চোৰাংচোৱা বিভাগে।
কেনেকৈ গ্ৰেপ্তাৰ হয়?
পূৰ্বে একেই গোচৰত জয়ছলমেৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ঝাবৰৰাম নামৰ লোকজনৰ স্বীকাৰোক্তিত গ্ৰেপ্তাৰ সুমিতক। ২২ মাৰ্চত চাবুৱাৰ পৰা গ্ৰেপ্তাৰ হৈছিল বায়ুসেনাৰ কৰ্মচাৰী সুমিত কুমাৰ। বায়ুসেনাৰ চোৰাংচোৱা আৰু ৰাজস্থানৰ চোৰাংচোৱা বিভাগে যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে MTSৰ কৰ্মচাৰী সুমিতক। দেশৰ চুকে কোনে ISIৰ হৈ চোৰাংচোৱাগিৰী কৰা আৰু লোক জড়িত থকাৰ সন্দেহ তদন্তকাৰী সংস্থাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















