শক্তি, সাহস আৰু পৰাক্ৰমৰ প্ৰতীক গ্ৰহ মঙ্গল৷ সোমবাৰে ১১ মে ২০২৬ দুপৰীয়া ১২ বাজি ৪৭ মিনিটত কেতুৰ অধীন অশ্বিনী নক্ষত্ৰত প্ৰৱেশ কৰিব মঙ্গলে৷ এই নক্ষত্ৰত মঙ্গল ২৯ মে পৰ্যন্ত থাকিব৷ যিয়ে চাৰিটা ৰাশিৰ জাতকৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব৷ জীৱনত ইতিবাচক পৰিবৰ্তন ঘটিব৷ কৰ্মজীৱনত উন্নতিৰ সুযোগ তৈয়াৰ হব৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গলৰ অৱস্থান পৰিবৰ্তনে এই ৰাশিৰ জাতকৰ বাবে উল্লেখযোগ্য সুফল কঢ়িয়াই আনিব৷ ইতিবাচক চিন্তাভাৱনা বৃদ্ধি পাব৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ অলসতাক চেৰ পেলাই সাফল্যৰ পথত আগুৱাই যাব পাৰে৷ কামত গতি বাঢ়িব৷ কৰ্মজীৱনত উন্নতিৰ নতুন সুযোগ আহিব পাৰে৷ খৰচ বাঢ়িব পাৰে৷ কিন্তু প্ৰচুৰ অৰ্থও উপাৰ্জন কৰিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ এই গোচৰে কৰ্মজীৱনত উন্নতিৰ দ্বাৰ খুলি দিব৷ সমাজত সন্মান বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফল পাব৷ ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে শুভ সময়৷ এই সময়ত ব্যক্তিয়ে তেওঁৰ পেছাগত উন্নতিৰ দিশত আৰু এঢাপ আগুৱাই যাব৷
সিংহ ৰাশি
সিংহ ৰাশিত মঙ্গলৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আকস্মিক আৰ্থিক লাভ অথৱা ডাঙৰ সম্পত্তি ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ বিনিয়োগৰ দিশটোত সতৰ্ক থাকক, ব্যৱসায়ত অংশীদাৰ থাকিলে তেওঁৰ পৰাও পৰামৰ্শ লওক৷
বৃশ্চিক ৰাশি
এই নক্ষত্ৰত মঙ্গলৰ গোচৰে বৃশ্চিক ৰাশিৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ সৃজনশীল গুণৰ বিকাশ ঘটিব৷ সকলো ক্ষেত্ৰতে সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷ আৰ্থিক অৱস্থাৰো উন্নতি হব৷ সম্পৰ্ক আৰু গভীৰ হব৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ সন্তানৰ বিষয়ে কিছু সুসংবাদ পাব পাৰে৷ কৰ্মক্ষেত্ৰত বাধা দূৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















